/asomiyapratidin/media/media_files/2025/03/05/373GCogvizsUXZfB9h83.jpg)
পাঁচ সহস্ৰাধিক সদস্যক লগত লৈ বিজেপিত যোগদান মিনন মোছাহাৰীৰ
ডিজিটেল সংবাদ, ওদালগুৰি : বিজেপিৰ ৰাজ্যিক সভাপতি তথা দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াৰ উপস্থিতিত বুধবাৰে প্ৰায় পাঁচ সহস্ৰাধিক কৰ্মীক লগত লৈ বিজেপি দলত যোগদান কৰে ওদালগুৰিৰ প্ৰভাৱশালী ব্যৱসায়ী মিনন মোছাহাৰীয়ে। একেদৰে বিভিন্ন ৰাজনৈতিক-অৰাজনৈতিক দলৰ কৰ্মীয়ে আজি মোছাহাৰীৰ সৈতে বিজেপিত যোগদান কৰে।
উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি সামাজিক কামত নিয়োজিত হৈ থকা সমাজকৰ্মী তথা ব্যৱসায়ী মিনন মোছাহাৰীয়ে বিজেপি দলত যোগদানৰ পূৰ্বে আজি ওদালগুৰি চহৰৰ মাজমজিয়াৰে এক সমদল বাহিৰ কৰে। সমদলত নাচি- বাগি মোছাহাৰীৰ সমৰ্থকসকলে আনন্দ- উল্লাস কৰা পৰিলক্ষিত হয়।
ইয়াৰ পাছতে সমদলটো উপস্থিত হয় যোগদানস্থলীত। যোগদান কাৰ্যসূচী উপলক্ষে ওদালগুৰি চহৰৰ মাজমজিয়াত অনুষ্ঠিত এক সভাত বিজেপিৰ ৰাজ্যিক সভাপতি তথা দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই কয়- আজিৰ দিনটো ভাৰতীয় জনতা পাৰ্টীৰ বিটিআৰৰ ইতিহাসত এক স্মৰণীয় দিন হিচাপে ইতিহাসত লিপিবদ্ধ থাকিব। এক যোগদান কাৰ্যসূচীত পাঁচ সহস্ৰাধিক লোকৰ উপস্থিতিয়ে ইয়াকে স্পষ্ট কৰে যে বিজেপিৰ প্ৰতি ৰাইজৰ আস্থা বাঢ়ি আহিছে।
বিজেপিৰ প্ৰতি ৰাইজৰ মৰম আৰু আশীৰ্বাদ যে অপ্ৰতিৰোধ্য; তাক আজি এই সভাখনে প্ৰমাণিত কৰিছে। মিনন মোছাহাৰী হৈছে বিটিআৰৰ ওদালগুৰিৰ এগৰাকী অতি আগৰণুৱা ব্যক্তি। যোৱাবাৰৰ দৰে এইবেলিও বিটিআৰৰ ওদালগুৰি জিলাৰ দহটাকৈ পৰিষদীয় সমষ্টিত আমি বিজেপি দলে প্ৰাৰ্থী প্ৰক্ষেপৰ বাবে অগ্ৰসৰ হৈছো। দশক দশক ধৰি অশান্তজৰ্জৰ হৈ থকা বিটিআৰত শান্তি প্ৰতিষ্ঠাৰ বাবে বিজেপিয়ে কাম কৰি আহিছো। যাৰ ফলত বিগত চাৰে চাৰি বছৰত বিটিআৰত কোনো ধৰণৰ বিক্ষিপ্ত ঘটনা সংঘটিত হোৱা নাই।
/asomiyapratidin/media/media_files/2025/03/05/0bt1Xu2JFncBP7UgKSL2.jpg)
বিগত বিটিআৰ নিৰ্বাচনসমূহৰ দৰে এইবিলিও বিটিআৰত বিজেপিয়ে অকলে শক্তিশালীভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ’ম। ইয়াত কোনো প্ৰশ্নবোধক থাকিব নালাগে। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উত্তৰ-পূৰ্বাঞ্চললৈ শান্তি আৰু উন্নয়ণৰ এক নতুন দিগন্তৰ সূচনা হৈছে বুলি সাংসদগৰাকীয়ে মন্তব্য কৰে। অসম তথা উত্তৰ পূৰ্বাঞ্চললৈ প্ৰধানমন্ত্ৰীয়ে ৭৮ বাৰ আহিছে। উত্তৰ-পূৰ্বাঞ্চলত ১২ খনকৈ শান্তি চুক্তি স্বাক্ষৰিত হৈছে। যাৰ পৰিপ্ৰেক্ষিতত উত্তৰ-পূৰ্বাঞ্চলত অশান্তি নাইকীয়া হৈছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ভৱিষ্যতৰ বলিষ্ঠ কাৰ্যসূচীয়ে অসমৰ ৰাইজৰ মাজত প্ৰাণৰ সঞ্চাৰ আশাৰ সঞ্চাৰ কৰিছে বুলিও তেওঁ মন্তব্য কৰে।
লগতে কয়- এডভান্টেজ অসম ২.০ য়ে ভাৰতৰ ভিতৰতে এক উৎকৃষ্ট বিনিয়োগৰ মেলা হিচাপে পৰিগণিত হৈছে। আমাৰ চৰকাৰ প্ৰতিগৰাকী জনসাধাৰণৰ বাবে দ্বায়বদ্ধশীল চৰকাৰ। সকলোৰে সম বিকাশ, সম উন্নয়ণৰ বাবে আমি সংকল্পবদ্ধ। বিটিচি অঞ্চলত চলি থকা ভূমি সমস্যা সমাধাণৰ বাবে আমি আগবাঢ়ি গৈ আছো। বিজেপিয়ে বিটিচিত সংঘৰ্ষ নহয়, সমন্বয় বিচাৰো। গতিকে মিনন মোছাহাৰীৰ নেতৃত্বত আজি বিজেপিত যোগদান কৰা প্ৰতিগৰাকী সদস্যকে আমি আহ্বান জনাইছো যে বিটিআৰত বিজেপিৰ ভেটি অধিক মজবুট কৰাৰ বাবে আমি আজিৰে পৰা কাম কৰিব লাগিব।
ভাষণ প্ৰসঙ্গত শইকীয়াই বিজেপি চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনিসমূহৰ বিষয়েও উল্লেখ কৰে। ইফালে বিজেপি দলত যোগদান কৰি ব্যৱসায়ী মিনন মোছাহাৰীয়ে কয়- মই আজিপৰ্যন্ত সমাজৰ হৈ কাম কৰি আহিছো। প্ৰতিটো জাতি-জনগোষ্ঠীৰ হৈ মই বিভিন্ন কাম কৰি আহিছো। সেইসমূহ ৰাইজে আজি মোৰ সৈতে বিজেপি দলত যোগদানৰ বাবে আহিছে।
বিজেপি দলৰ লক্ষ্য আৰু উদ্দেশ্য তথা উন্নয়ণৰ দিশত কৰি অহা কামৰ প্ৰতি আকৃষ্ট হৈ মই এই ৰাষ্ট্ৰীয় দলটোত যোগদান কৰিছো। আগন্তুক দিনত দলটোৱে মোক যি কাম কৰাৰ নিৰ্দেশ দিয়ে মই সেয়াই কৰিবলৈ সাজু। আহি থকা দিনবোৰত ৰাইজৰ হৈ কাম কৰি যোৱাৰ হেপাহ আগত ৰাখি মই আগবাঢ়ি আহিছো।
দলে বিটিচি নিৰ্বাচনত টিকট প্ৰদান কৰিলে নিৰ্বাচনত অংশগ্ৰহণ কৰিবলৈ সাজু থকা বুলি সাংবাদিকৰ এক প্ৰশ্নত উত্তৰ দিয়ে। উল্লেখ্য যে ব্যৱসায়ী মিনন মোছাহাৰী হৈছে প্ৰাক্তন এবছু কৰ্মী। এসময়ত তেওঁ ওদালগুৰি আঞ্চলিক এবছুৰ মূল বিষয়বাবতো আছিল।
ইয়াৰোপৰি তেওঁ সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ ৰাজ্যিক উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি কিছুদিন পূৰ্বে সংগঠনটোৰ পৰা বিদায় লৈছিল। আজি বিজেপি দলত যোগদান অনুষ্ঠানৰ পূৰ্ৱে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ লগতে মিনন মোছাহাৰীক লগত লৈ সমদলো বাহিৰ কৰে সমৰ্থকসকলে।
আজিৰ এই যোগদান সভাৰ মঞ্চত উপস্থিত থাকে বিজেপি নেতা ৰূপম গোস্বামী, ইএম সঞ্জিৎ তাঁতী, কেইবাগৰাকীও এম চি এল এ, জ্যেষ্ঠ নাগৰিক নৰেশ্বৰ ডেকাকে প্ৰমূখ্যে বহু বিজেপিৰ নেতা-কৰ্মী।