/asomiyapratidin/media/media_files/2024/11/25/zXQgs7qtOXsU2szs09hJ.jpg)
ডিজিটেল সংবাদ, চিৰাং : ভাৰতৰ পৰম্পৰাগত মিলেট জাতীয় শস্যৰ পৰা উৎপাদিত খাদ্যৰ খাদ্যাভ্যাস, উপকাৰিতা আৰু মিলেট শস্যৰ উৎপাদন বৃদ্ধি কৰাৰ সন্দৰ্ভত সৰ্বসাধাৰণ ৰাইজৰ মাজত এক জাগৰণ তথা সজাগতা অনাৰ লক্ষ্যৰে বঙাইগাঁও শোধনাগাৰৰ উপনগৰীত দেওবাৰে কেন্দ্ৰীয় উদ্যোগিক নিৰাপত্তা বাহিনীৰ উদ্যোগত এক মিলেট খাদ্য মেলাৰ আয়োজন কৰা হয় ৷
/asomiyapratidin/media/media_files/2024/11/25/33ij5HU8BCuivVyoE3HZ.jpg)
বঙাইগাঁও শোধনাগাৰৰ কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনীৰ আবাসিক চৌহদৰ খেলপথাৰত আয়োজিত এই মিলেট খাদ্য মেলাত চিআইএচএফ বাহিনীৰ উপৰি কাজলগাঁৱৰ কুকুৰমাৰীস্থিত চিআৰপিএফৰ ১৫৬ নং বেটেলিয়ান, কাজলগাঁৱৰ এচএচবিৰ ১৫ বেটেলিয়ান আৰু গোসাইগাঁৱৰ এচএচবিৰ ৩১ নং বেটেলিয়ানৰ লগতে ভাৰতীয় তেল নিগমৰ অধীনস্থ বঙাইগাঁও শোধনাগাৰ কৰ্তৃপক্ষৰ ফালৰ পৰাও বিপনী খোলা হয় ।
/asomiyapratidin/media/media_files/2024/11/25/M51CkEF9PTpFN1Yrb30a.jpg)
প্ৰতিটো বিপনীতে মিলেটৰ পৰা তৈয়াৰী বিভিন্ন ধৰণৰ সুস্বাদু খাদ্য সামগ্ৰী প্ৰদৰ্শন আৰু বিক্ৰী কৰা হয় ৷ খাদ্য মেলাৰ বিপনী সমূহত ৰাজস্থানী, হাৰিয়ানা,পঞ্জাৱ, বিহাৰ, তামিলনাডু, মণিপুৰ, অসমৰ পৰম্পৰাগত মিলেট জাতীয় খাদ্য সম্ভাৰৰ লগতে বিভিন্ন থলুৱা খাদ্য প্ৰদৰ্শন কৰা হয় ।
বঙাইগাঁও শোধনাগাৰৰ নিৰাপত্তাৰ দায়িত্বত থকা চিআইএচএফ বাহিনীৰ দ্বাৰা আয়োজিত এই মিলেট খাদ্য মেলাত চিআইএচএফৰ কমান্ডেণ্ড পি, ডি, গাইছুং, উপ কমাণ্ডেণ্ড ইউনিতো চুমি, সহ কমান্ডেণ্ড জয়দ্বীপ সিং, বঙাইগাঁও শোধনাগাৰৰ মুখ্য প্ৰবন্ধক সুনীল কুমাৰ, মিহিৰ সিংহল, ১৫ নং এচএচবি বেটেলিয়ানৰ কমান্ডেণ্ড শচীন কুমাৰ, ১৫৬ নং চিআৰপিএফ বেটেলিয়ানৰ চেকেণ্ড ভাৰপ্ৰাপ্ত বিষয়া কানাইয়া সিঙৰ উপৰি কেবাজনো বিষয়া উপস্থিত থাকি আৰু মিলেট খাদ্যৰ জুতি লয় ।
/asomiyapratidin/media/media_files/2024/11/25/zKUPv0qtKBnwEvb8bfyg.jpg)
মানুহৰ স্বাস্থ্যসন্মত জৈৱিক খাদ্যশস্য উৎপাদন আৰু প্ৰচাৰ প্ৰসাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ এই প্ৰচেষ্টাক সহাঁৰি জনাই বহুলোকে পৰিয়ালৰ সৈতে আহি এই খাদ্য মেলাত অংশগ্ৰহণ কৰি বিভিন্ন খাদ্যৰ জুতি লোৱা দেখিবলৈ পোৱা যায় ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us