হত্যাৰ প্ৰচেষ্টাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিযুক্তক দুগ্ধস্নান!

হত্যাৰ প্ৰচেষ্টাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিযুক্তক দুগ্ধস্নান!

author-image
asomiyapratidin
New Update
হত্যাৰ প্ৰচেষ্টাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিযুক্তক দুগ্ধস্নান!

 ডিজিটেল ডেস্ক :  ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰী বিষয়া এগৰাকীক হত্যাৰ প্ৰচেষ্টা চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা কংগ্ৰেছী নেতা ৰাজু ভাদোৰিয়া স্থানীয় কাৰাগাৰৰ পৰা ২৪ আগষ্টত জামিনত মুকলি হৈ অহাৰ পাছত দুগ্ধস্নান কৰোৱাই আৰু মাল্যাৰ্পণ কৰি এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে সমৰ্থনকাৰীসকলে। এই উল্লাসক ভাৰতীয় জনতা পাৰ্টীয়ে এক জঘন্য অপৰাধত অভিযুক্ত এগৰাকী ব্যক্তি বিশেষৰ বীৰপূজাৰ কাণ্ড বুলি কঠোৰ ভাষাৰে সমালোচনা কৰে । ইয়াৰ ওপৰিও মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দ্বিগবিজয় সিঙৰ ঘনিষ্ঠ ব্যক্তি হোৱাৰ বাবেই এনে গুৰুতৰ অভিযোগৰ পাছতো জামিন লাভ কৰা বুলিও মন্তব্য কৰে ভাৰতীয় জনতা পাৰ্টিয়ে।
উল্লেখ্য যে, ভাদোৰিয়াক ২০২২ বৰ্ষৰে ৬ জুলাইত ইন্দোৰ নাগৰিক সমীক্ষাৰ সময়ত তেখেতৰ প্ৰতিদন্দ্বী চান্দুৰাও শ্বিন্দেক হত্যাৰ প্ৰচেষ্টা চলোৱাৰ অভিযোগত ৩১ জুলাইত ৰাজস্থানৰ কোটাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আৰু ভাৰতীয় সংবিধানৰ দফা ৩০৭ অনুসৰি তেখেতৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল যদিও ২৪ আগষ্টত জামিন লাভ কৰিছিল ।

Advertisment

আৰু পঢ়ক : টকা দিলেহে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন, নিদিলে কটা যাব নাম…

bjp murder congress