/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/e25864c0-e86f-4508-aa4f-65f26142ca24/russia_18.jpg)
russia
ডিজিটেল ডেস্কঃ এক ভয়ংকৰ বিমান দুৰ্ঘটনাই কপাই গ'ল ৰাছিয়া। ৰাছিয়াৰ ইয়েস্ক চহৰত সংঘটিত হোৱা এই বিমান দুৰ্ঘটনাত এটা প্ৰকাণ্ড অট্টালিকাৰ বিস্তৰ ক্ষতি হোৱাৰ লগতে কেইবাজনো লোকৰ মৃত্যু হোৱাৰ খবৰ প্ৰকাশ পাইছে।
ঘটনাৰ বিৱৰণ অনুসৰি সোমবাৰে ৰাছিয়াৰ ইয়েস্ক চহৰত এখন সামৰিক বিমানে এটা আৱাসিক অট্টালিকাত খুন্দা মাৰে। ফলতে থিতাতে দুজন লোকৰ মৃত্যু হয়। এই দুৰ্ঘটনাত প্ৰায় ২১ জন লোক গুৰুতৰ ভাৱে আহত হোৱাৰ খবৰ প্ৰাথমিক ভাৱে প্ৰকাশ পায়। আহত কেইজনৰ মাজত বহু কেইজনৰ অৱস্থা আছিল অতি সংকটজনক।
তথ্য অনুসৰি দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ ইঞ্জিনত বিজুতি ঘটিছিল। ফলত চহৰখনৰ আৱাসিক অট্টালিকাটোত খুন্দা মাৰে। ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে দুৰ্ঘটনাগ্ৰস্ত বিমানখন এছ ইউ-৩৪। বিমানখন প্ৰশিক্ষণৰত অৱস্থাত এই দুৰ্ঘটনা সংঘটিত হয়।
দুৰ্ঘটনাত অৱশ্যে দুয়োজন পাইলট ৰক্ষা পৰে। এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত প্ৰায় ২ হাজাৰ বৰ্গ মিটাৰলৈ জুই বিয়পি পৰে। ফলত প্ৰায় ১৫ টা এপাৰ্টমেণ্ট জুই লাগে। স্থানীয় বিষয়াৰ মতে এই দুৰ্ঘটনাত প্ৰাৰম্ভিকতে দুজন লোকৰ মত্যু হৈছে যদিও মৃতকৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।