এতিয়া ভয় নাই! চোৰে বাহনত হাত দিলেই মোবাইলত আহিব এৰ্লাট, সবিশেষ…

এতিয়া ভয় নাই! চোৰে বাহনত হাত দিলেই মোবাইলত আহিব এৰ্লাট, সবিশেষ…

author-image
asomiyapratidin
New Update
এতিয়া ভয় নাই! চোৰে বাহনত হাত দিলেই মোবাইলত আহিব এৰ্লাট, সবিশেষ…

ডিজিটেল ডেস্কঃ দিনে দিনে বৃদ্ধি পাইছে চোৰৰ প্ৰকোপ। বিশেষকৈ বাইক, গাড়ীচোৰৰ উপদ্ৰৱে বহু লোকৰ টোপনি সাৰিছে। কিন্তু এতিয়া আৰু ভয় নাই। আপোনাৰ মৰমৰ বাহন খনত কোনোবাই হাত দিলেই আপোনাৰ হাতত থকা মোবাইলটোত লগে লগে আহিব এৰ্লাট।

Advertisment

শেহতীয়াকৈ বজাৰলৈ আহিছে এনে এক সজুলি, যাৰ জৰিয়তে আপুনি আপোনাৰ বাহনখন সুৰক্ষিত কৰি ৰাখিব পাৰে। ইলেক্টনিক সামগ্ৰী প্ৰস্তুতকাৰী সংস্থা…য়ে নিৰ্মান কৰিছে মাইক্ৰ জি পি এছ যুক্ত এবিধ সজুলি। এই সজুলি বিধত আপুনি লগাব লাগিব ছিম কাৰ্ড। ইয়াৰ পাছতে গাড়ী অথবা বাইকৰ বেটেৰী আৰু ইঞ্জিনৰ সৈতে সংযুক্ত কৰিব লাগিব সঁজুলি বিধ।

ছিমকাৰ্ড লগোৱা এই সজুলিবিধত থাকে ৩ ডাল ওৱাৰ। ইয়াৰে ২ ডাল বেটেৰীত আৰু ১ ডাল সংযোগ কৰিব লাগে ইঞ্জিনত। ইয়াৰ পাছতে আপোনাৰ মোবাইলত ইনষ্টল কৰিব লাগিব LKGPS এপ। এপটো ডাউনলড কৰা পাছত আপোনাৰ বাহনখন যদি কোনোবাই চলাবলৈ অথবা চাবিৰ অবিহনে ঠেলেও, তেন্তে আপোনাৰ মোবাইললৈ আহিব মেছেজৰ দৰে এক এৰ্লাট।

সজুলিবিধ বাহনত সংস্থাপন কৰাৰ পাছত যেতিয়া লাইট জ্বলিব তেতিয়া গম পাব যে ই কাম কৰি আছে। ইয়াৰ পাছতে সজুলি বিধৰ কিউ আৰ ক'ডটো স্কেন কৰিলেই আপোনাৰ মোবাইলত সক্ৰিয় হ'ব এল কে জি পি এছ (LKGPS) এপ। তাৰ পাছতে লগ অন কৰক, লোকেচন ট্ৰেক কৰক। এনেদৰে কৰিলেই চোৰৰ পৰা সুৰক্ষিত হ'ব আপোনাৰ মৰমৰ বাহনখন।