/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/a55ed068-e775-4c2e-a558-11bc051440eb/9.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ঢকুৱাখনাত মিচিং জাতীয় সংগঠন টাকাম মিচিং পৰিণ কৌবাং , মিচিং মিমাগ কৌবাং, মিচিং মিমে কৌবাংৰ উদ্যোগত দেওবাৰে অনুষ্ঠিত কৰা হয় মেধাবী শিক্ষাৰ্থীক সম্বৰ্ধনা অনুষ্ঠান। মিচিং জাতীয় সংগঠন সমূহৰ মাতমৰা আঞ্চলিক সমিতিসমূহৰ যৌথ উদ্যোগত মাতমৰা লয়িদ কমপ্লেক্স প্ৰাংগনত ২০২৪বৰ্ষৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃৰ্তী ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/f3f42f4e-5e35-4721-8385-c28b5bad1967/23ac6122-0715-4965-88af-b31ae8fc29cf.jpg)
উক্ত সম্বৰ্ধনা অনুষ্ঠানত এম এম কেৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি তথা মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু, এম এম কেৰ সদস্য তথা জ্যেষ্ঠ নেতা সুৰেশ দলে, টি এম পি কেৰ সহকাৰী সাধাৰণ সম্পাদক যতীন পেগু, ক্ৰীড়া সম্পাদক ৰাজীৱ দলে, এম এম কেৰ কেন্দ্ৰীয় সদস্য ক্ষীৰোদ পেগু উপস্থিত থাকি কৃতিমান শিক্ষাৰ্থী সকলক উৎসাহিত কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/5ed72eaa-017e-439d-abe5-e7dbba019e6d/2ce29cf4-3357-4d69-871e-74ad8073248b.jpg)
উক্ত অনুষ্ঠানত মোহন পেগু , টি এম পি কেৰ সদস্য ক্ৰমে দিপাঞ্জল দলে, বৃগেন দলে, ভীষ্ম ছুংক্রাং , টি এম এম কেৰ ৰাজকুমাৰী লাগাচু স্থানীয় বিদ্যালয়সমূহৰ প্ৰধান শিক্ষকসকল, অঞ্চলটোৰ জ্যেষ্ঠ নাগৰিকসকল উপস্থিত থাকে। মেট্ৰিক পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ ৬৯গৰাকী আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ৮গৰাকী কৃতিমান ছাত্ৰ-ছাত্ৰীক প্ৰশস্তি পত্ৰ ,গছপুলি আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰি সৰ্বোত্তম শৈক্ষিক যাত্ৰাৰ বাবে আশীৰ্বাদ আৰু শুভেচ্ছা জনোৱা হয়।
Also Read: কাঁহিকুছি কৃষি বিজ্ঞান কেন্দ্ৰত "পিএম-কিষাণ সন্মিলন"...