গৰৈমাৰীত শিক্ষাৰ্থীৰ সৈতে মত-বিনিময় অনুষ্ঠানত এম জি ভি কে ভানু...

কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত গৰৈমাৰীৰ আঞ্জুমানী চিৰাতুন্নবী পুঁথিভড়ালৰ উদ্যোগত গৰৈমাৰীৰ ফখৰুদ্দিন আলী আহমেদ মহাবিদ্যালয়ৰ সহযোগত মহাবিদ্যালয় প্ৰেক্ষাগৃহত আজি 'অসামৰিক সেৱা' বিষয় সন্দৰ্ভত  এখনি মত-বিনিময় সভা অনুষ্ঠিত হৈ যায়৷

author-image
Asomiya Pratidin
New Update
গৰৈমাৰীত শিক্ষাৰ্থীৰ সৈতে মত-বিনিময় অনুষ্ঠানত এম জি ভি কে ভানু

ডিজিটেল সংবাদ, গৰৈমাৰীঃ কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত গৰৈমাৰীৰ আঞ্জুমানী চিৰাতুন্নবী পুঁথিভড়ালৰ উদ্যোগত গৰৈমাৰীৰ ফখৰুদ্দিন আলী আহমেদ মহাবিদ্যালয়ৰ সহযোগত মহাবিদ্যালয় প্ৰেক্ষাগৃহত আজি 'অসামৰিক সেৱা' বিষয় সন্দৰ্ভত  এখনি মত-বিনিময় সভা অনুষ্ঠিত হৈ যায়৷

Advertisment

জানিব পৰামতে ছাইফুল্লাহ মনছুৰে আঁত ধৰা সভাৰ আদৰণি ভাষণ প্ৰদান কৰে আব্দুল বাতেনে৷ সভাত অসম সংগীত পৰিবেশন কৰা হয়৷ সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা অসম চৰকাৰৰ প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব এম জি ভি কে ভানুক ফুলাম গামোচা, জাপি, কিতাপ প্ৰদান কৰি সম্বৰ্ধনা জনোৱা হয়৷

সভাত গৰৈমাৰীৰ ফখৰুদ্দিন আলী আহমেদ মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ আব্দুল আৱাল চাহাব, বিশিষ্ট সমাজকৰ্মী ডাঃ ফজলুল হক চৌধুৰী, সোণতলীৰ নাজমা-হীৰা-মেম'ৰিয়েল পাব্লিক স্কুলৰ পৰিচালন সঞ্চালক আজাদ ওচমান গণি, ফখৰুদ্দিন আলী আহমেদ মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি নুৰুল ইছলাম, গৰৈমাৰীৰ ছায়েন্স একাডেমীৰ অধ্যক্ষ দোস্ত হাবিবুৰ ৰহমান, গৰৈমাৰীৰ ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ অধ্যক্ষ আক্কাছ আলী আহমেদ, ৰয়েল ইংলিছ স্কুলৰ পৰিচালন সঞ্চালক ফখৰুল আলম, গ্ল'বেল একাডেমীৰ অধ্যক্ষ আব্দুছ ছালাম, হাতেম চৌধুৰী শিশু নিকেতনৰ অধ্যক্ষ ৰফিক চৌধুৰী, গৰৈমাৰীৰ আঞ্জুমানী চিৰাতুন্নবী পুঁথিভড়ালৰ সভাপতি আজিজুৰ ৰহমান চৌধুৰী, সম্পাদক ৰফিকুল ইছলাম, পূৱ ছমৰীয়া ও গৰৈমাৰী শাখা ছাত্ৰ সন্থাৰ সভাপতি আমিনুল হক, আমছুৰ গৰৈমাৰী আঞ্চলিক সমিতিৰ সভাপতি ইমৰাণ হককে প্ৰমূখ্য কৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে৷

ইপিনে প্ৰাক্তন আই এ এছ বিষয়া এম জি ভি কে ভানুৱে 'অসামৰিক সেৱা' বিষয় সন্দৰ্ভত শিক্ষাৰ্থীৰ সৈতে ডেৰ ঘণ্টা সময় মত-বিনিময় কৰে৷ মত-বিনিময় অনুষ্ঠানত গৰৈমাৰীৰ ৰয়েল ইংলিছ স্কুল, গৰৈমাৰীৰ আল-আমিন ইছলামীক মডেল স্কুল, ব্ৰহ্মপুত্ৰ ভেলী একাডেমী আৰু ড্ৰীম-৫০, গৰৈমাৰী ছায়েন্স একাডেমী, হাতেম চৌধুৰী শিশু নিকেতন, গৰৈমাৰী গ্ল'বেল একাডেমী, গৰৈমাৰী আইডিয়েল একাডেমী, গৰৈমাৰীৰ ফখৰুদ্দিন আলী আহমেদ মহাবিদ্যালয়, গৰৈমাৰীৰ আদৰ্শ অসম জাতীয় বিদ্যালয়ৰ উপৰি কেইবাখনো বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে৷

কামৰূপ