সোণোৱাল ভাল মানুহঃ হঠাতে ভোটাৰক এম জি ভি কে ভানুৰ বিশেষ আহ্বান...

সোণোৱাল ভাল মানুহঃ হঠাতে ভোটাৰক এম জি ভি কে ভানুৰ বিশেষ আহ্বান...

author-image
Asomiya Pratidin
New Update
সোণোৱাল ভাল মানুহঃ হঠাতে ভোটাৰক এম জি ভি কে ভানুৰ বিশেষ আহ্বান...

ডিজিটেল ডেস্কঃ এসময়ত কংগ্ৰেছৰ টিকটৰ পৰা লোকসভা নিৰ্বাচনত অৱৰ্তীণ হোৱা ৰাজ্যৰ প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব এম জি ভি কে ভানুৱে মুকলিকৈ কৰিলে এটা বিশেষ আহ্বান। আগন্তুক লোকসভা নিৰ্বাচনত ডিব্ৰুগড় লোকসভা সমষ্টিৰ সকলো ভোটাৰক সৰ্বানন্দ সোণোৱালক ভোট প্ৰদান কৰিবলৈ আহ্বান জনালে ভানুৱে।

Advertisment

এটা ভিডিঅ' বাৰ্তাৰ জৰিয়তে ভোটাৰক এই আহ্বান জনাই সৰ্বানন্দ সোণোৱালক কিয় ভোট প্ৰদান কৰিব লাগে তাৰো যুক্তি দিলে প্ৰাক্তন আই এ এছ বিষয়াগৰাকীয়ে। তেওঁ কয়- সৰ্বানন্দ সোণোৱালে ওৰে জীৱন অসমৰ বাবে উছৰ্গা কৰিলে। মই ৩৫বছৰ অসমত কাম কৰিছো। গতিকে মই সমগ্ৰ পৰিস্থিতি নিজ চকুৰে দেখিছো।

সোণোৱালক সমৰ্থন কৰি ভানুৱে লগতে কয়- সৰ্বানন্দ সোণোৱালক ভোট দি জিকালে তেওঁ কেন্দ্ৰীয় মন্ত্ৰী হব আৰু অসমৰ উন্নয়ন-প্ৰগতিৰ হকে কাম কৰিব পাৰিব। তেওঁ এগৰাকী ভাল মানুহ। ৰাজনীতিত তেনে এগৰাকী ভাল মানুহ লাগে। তেনে মানুহ সদনত থকাটো উচিত।' উল্লেখ কৰা প্ৰয়োজন যে, ২০১৯চনৰ লোকসভা নিৰ্বাচনত তেজপুৰত কংগ্ৰেছ প্ৰাৰ্থী আছিল ভানু।

কেন্দ্ৰীয়মন্ত্ৰী সৰ্বানন্দ সোণোৱাল