/asomiyapratidin/media/media_files/2025/03/30/8kHEQPx6xSVOvG7IINx9.jpg)
ডিজিটেল ডেস্কঃ এতিয়াৰে পৰা পিজ্জা আৰু বাৰ্গাৰকে ধৰি জাংক ফুড বিক্ৰী কৰিব নোৱাৰিব কোনো দোকানীয়ে। এই নিৰ্দেশনা প্ৰদান কৰিছে এখন শিক্ষা বিভাগে। মেক্সিকোৰ শিক্ষা বিভাগে শেহতীয়াকৈ নিৰ্দেশনা প্ৰদান কৰিছে যে, কোনো শিক্ষানুষ্ঠানৰ কাষত নাইবা ভিতৰত জাংক ফুড খাব নোৱাৰিব কোনো লোকে। যদিহে এনে হয় তেন্তে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হব। যোৱা ২৯মাৰ্চৰ পৰা প্ৰযোজ্য হোৱাকৈ এই কঠোৰ নিয়ম জাৰি কৰিছে মেক্সিকোৰ চৰকাৰে। শিক্ষা বিভাগে সদৰি কৰা অনুসৰি, মেদবহুলতা আৰু মধুমেহৰ দৰে সমস্যাৰ পৰা পৰিত্যাণ পাবলৈ এই প্ৰদক্ষেপ গ্ৰহণ কৰা হৈছে।
উল্লেখ কৰা প্ৰয়োজন যে, শিক্ষাৰ্থীৰ খাদ্যভ্যাসক লৈ এনে কঠোৰ নিৰ্দেশনা পূৰ্বতেওঁ প্ৰদান কৰিছে মেক্সিকোৰ চৰকাৰে। অত্যাধিক নিমখীয়া আৰু পেকেটত থকা খাদ্যসামগ্ৰী সেৱনৰ নিষেধাজ্ঞা আৰোপ কৰিছিল মেক্সিকোত। পেকেটৰ চিপছ, মচলা যুক্ত ভিন্ন সামগ্ৰী, পেকেটৰ জুছ আদি খাদ্য শিক্ষাৰ্থীৰ বাবে পূৰ্বৰে পৰা নিষেধাজ্ঞা আৰোপ কৰা হৈছে দেশখনত।
শেহতীয়াকৈ মেক্সিকো চৰকাৰৰ এই সিদ্ধান্ত আদৰণি জনাইছে দেশখনৰ অভিভাৱক মহলেও। এই কঠোৰ নিৰ্দেশনা জাৰি কৰি শিক্ষা মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে এনেদৰে- বিদায় জাংক ফুড! এতিয়াৰে পৰা অভিভাৱকসকলে ঘৰলৈ ৰান্ধি সন্তানক খুৱাওক। ভুলতো যাতে জাংক ফুডৰ ফালে নাচায়। মনত ৰাখিব, জাংক ফুডৰ বিৰুদ্ধে এতিয়া কঠোৰ আইন দেশত প্ৰণয়ন হৈছে।
মেক্সিকোৰ ৰাষ্ট্ৰপতিয়েও সামাজিক মাধ্যমযোগে এই গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে।