কাইলৈ ঘোষণা নহয় মেট্ৰিক পৰীক্ষাৰ ফলাফল

একাংশ সংবাদ মাধ্যমত ১০ এপ্ৰিলত মেট্ৰিকৰ ফলাফল ঘোষণা হোৱাৰ খবৰ প্ৰকাশ পাইছিল । লগে লগে অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত উত্তেজনা বৃদ্ধি পায়।

author-image
Asomiya Pratidin
New Update
hhhhdfg

ডিজিটেল ডেস্কঃকাইলৈ ঘোষণা নহয় মেট্ৰিকৰ ফলাফল। এই কথা টুইটযোগে স্পষ্ট কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি নিজৰ এক্স হেণ্ডেলত মুখ্যমন্ত্ৰীয়ে লিখিছে, ‘‘সকলো অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ বাবে - মেট্ৰিক পৰীক্ষাৰ ফলাফল কাইলৈ প্রকাশ কৰা নহয়। ফলাফল প্ৰস্তুত হোৱাৰ লগে লগে ঘোষণা কৰা হ’ব।’’

উল্লেখ্য যে, একাংশ সংবাদ মাধ্যমত ১০ এপ্ৰিলত মেট্ৰিকৰ ফলাফল ঘোষণা হোৱাৰ খবৰ প্ৰকাশ পাইছিল । লগে লগে অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত উত্তেজনা বৃদ্ধি পায়। কিন্তু ফলাফল সন্দৰ্ভত শিক্ষা বিভাগ তথা অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ পৰা কোনো ধৰণৰ অনুষ্ঠানিক তথ্য লাভ নকৰাত উদ্বেগ প্ৰকাশ কৰে একাংশই।

ইয়াৰ পাছতে সামাজিক মাধ্যমযোগে এই কথা স্পষ্ট কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

মেট্ৰিক পৰীক্ষা মেট্ৰিক