/asomiyapratidin/media/media_files/2025/05/01/ONqgKbgpvZ0F31fcE1yk.jpg)
ডিজিটেল সংবাদ, শিলচৰ : চুবুৰীয়া ৰাজ্য মিজোৰামত বুজণ পৰিমাণৰ নিচাজাতীয় মেথামফেটামাইন টেবলেট জব্দ কৰা হৈছে। আইজলৰ জেমাবাকত দুখন বাহনত তালাচী চলাই মিজোৰামৰ চি আই ডিৰ দল এটাই মুঠ ৪৭.৫১১ কিলোগ্ৰাম মেথামফেটামাইন টেবলেট জব্দ কৰে।
MZ 01- AD 6157 নম্বৰৰ বাহনখনৰ ইঞ্জিনৰ ভিতৰত লুকুৱাই ৰখা ২০টা পেকেটৰ পৰা ১৮.৯৩৯ কিলোগ্ৰাম আৰু MZ 01 AC- 3237 নম্বৰৰ বাহনখনৰ ২৯ টা পেকেটৰ পৰা ২৮.৫৭২ কিলোগ্ৰাম মেথামফেটামাইন টেবলেট জব্দ কৰে। দুয়োখন বাহনৰ পৰা জব্দ কৰা নিচাজাতীয় সামগ্ৰীখিনিৰ ওজন ৪৭.৫১১ কিলোগ্ৰাম।
নিচাজাতীয় সামগ্ৰীখিনিৰ মূল্য ৬ কোটি ১৭ লাখ টকা বুলি সদৰী কৰিছে আৰক্ষীয়ে। নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে বাহন দুখনৰ চালক টি. ভানচেউ লিয়ানা আৰু ছামউয়েলাক গ্ৰেপ্তাৰ কৰিছে। দুয়োজনৰ ঘৰ চাম্পাই জিলাৰ ভেংথালঙত।
উল্লেখ্য যে, টেবলেটখিনি চাম্পাইৰ পৰা আইজলৰ দিশে অনাৰ সময়ত জব্দ কৰা হয়। পিচত নিচাজাতীয় সামগ্ৰীসহ ধৃত সৰবৰাহকাৰী দুজনক আইজলৰ বিশেষ নাৰ্কোটিক থানাত গতাই দিয়া হয়।