/asomiyapratidin/media/media_files/2025/02/25/A6u9YrfVHqBnBh02iMR7.jpg)
ডিজিটেল সংবাদ,হাওৰাঘাট: কাৰ্বি আংলং জিলাৰ লাংহিন অঞ্চলৰ জামুগুৰি গাঁও নিবাসী অশোক বসুমতাৰী আৰু অনিমা বসুমতাৰীৰ জীয়ৰী তথা উদীয়মান অভিনেত্ৰী মেৰিনা বসুমতাৰীৰ দেহাৱসান।জটিল ৰোগত আক্ৰান্ত হৈ থকা মেৰিনাক মঙলবাৰে ডিফু মেডিকেল কলেজ হাস্পতাললৈ নি থকা অৱস্থাত আদবাটতে মৃত্যু হোৱাত সমগ্ৰ লাংহিন অঞ্চলতে গভীৰ শোকৰ ছাঁ পৰিছে ।
বড়ো কেন আৰ্টিষ্ট এছ'চিয়েচন কাৰ্বি আংলং জিলা কমিটীৰ সভাপতি জৌংছাৰ বসুমতাৰীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি উদীয়মান অভিনেত্ৰী মেৰিনাই মৃত্যুৰ আগলৈকে প্ৰায় ৭ টা এলবামত সুন্দৰ অভিনয়েৰে নৃত্য প্ৰদৰ্শন কৰিছিল।
সেইবোৰৰ ভিতৰত হৈছে ক্ৰমে 'জৌনম জৌনম', 'জাউলিয়া বাৰ,' 'থাথ নৌং' আদি । আনহাতে মেৰিনাই তিনিটাতকৈ অধিক চুটি ছবিটো (অভিনয় কৰিছিল । উল্লেখ্য যে জনপ্ৰিয় উদীয়মান অভিনেত্ৰী মেৰিনাই 'গোৰোনথিয়া চৌৰনী' শীৰ্ষক এটা ফ্লিমত কাম কৰিব বাবে সম্পূৰ্ণ ৰূপে ঠিক হৈছিল যদিও এক জটিল ৰোগত আক্ৰান্ত হৈ থকাৰ বাবেই সেয়া হৈ নুঠিল।
অতি কম সময়ৰ ভিতৰতে সকলোৰে মন জয় কৰিবলৈ সক্ষম হোৱা সম্ভাৱনাময়ী মেৰিনাই মৃত্যুৰ আগ মুহূৰ্ততলৈকে লাংহিনৰ জৌংছাৰ বসুমতাৰীৰ দ্বাৰা পৰিচালিত বহুতো এলবাম আৰু ছবিৰ লগত জড়িত আছিল।
বড়ো কেন আৰ্টিষ্ট এছ'চিয়েচন কাৰ্বি আংলং জিলা কমিটীৰ সহকাৰী সাংস্কৃতিক সম্পাদিকা হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল মেৰিনাই। মৃত্যুৰ সময়ত পিতৃ-মাতৃৰ লগতে এগৰাকী জ্যেষ্ঠ আৰু কনিষ্ঠ ভগ্নীৰ লগতে বহুতো আত্মীয় স্বজনক এৰি থৈ যায়।