/asomiyapratidin/media/media_files/2025/01/10/C5kerIWb49JZyUMlTLPz.jpg)
বিলাসী বাহনৰ বিক্ৰী Photograph: (অসমীয়া প্ৰতিদিন)
ডিজিটেল ডেস্কঃ ভাৰতত বাঢ়িছে বিলাসী বাহনৰ বিক্ৰী। মাৰ্চিডিজ বেঞ্জ ইণ্ডিয়াই ৩০ বছৰ পূৰ্বে দেশত কাম আৰম্ভ কৰাৰ পিছত এতিয়ালৈকে সৰ্বাধিক বাৰ্ষিক বিক্ৰীৰ ৰিপৰ্ট মুকলি কৰিছে। ২০২৪ চনৰ জানুৱাৰীৰ পৰা ডিচেম্বৰৰ ভিতৰত অটো নিৰ্মাতা কোম্পানীটোৱে অভিলেখ সৃষ্টি কৰি বিক্ৰী কৰিছে ১৯,৫৬৫খন গাড়ী। পূৰ্বৰ বছৰতকৈ এই হাৰ ১২.৪শতাংশ বেছি।
কোম্পানীটোৱে চতুৰ্থ ত্ৰৈমাসিকত ১২% আৰু ২০২৪ চনৰ দ্বিতীয়াৰ্ধত ১৬% বৃদ্ধি হোৱা বুুলি আনুষ্ঠানিক ৰিৰ্পটত সদৰি কৰিছে। ২০২৪ চনত মাৰ্চিডিজ বেঞ্জ ইণ্ডিয়াৰ বৃদ্ধিত উল্লেখযোগ্য অৰিহণা যোগাইছিল ইয়াৰ বেটাৰী ইলেক্ট্ৰিক বাহন (বিইভি) পৰ্টফলিঅ’, য’ত পূৰ্বৰ বছৰৰ তুলনাত ৯৪% বিক্ৰী উল্লেখযোগ্যভাৱে বৃদ্ধি পাইছে। বছৰটোৰ ভিতৰত কোম্পানীটোৰ মুঠ বিক্ৰীৰ ৬%তকৈ অধিক ইভিয়ে লাভ কৰিছিল।
২০২৪ চনত মাৰ্চিডিজ-বেঞ্জে চাৰিটা নতুন মডেল মুকলি কৰি নিজৰ বেটাৰী ইলেক্ট্ৰিক বাহন (বিইভি) পৰ্টফলিঅ’ সম্প্ৰসাৰণ কৰিছিল। এইকেইখন হৈছে- ইকিউএ ২৫০+, ৫ আসনৰ ইকিউবি এছইউভি, স্থানীয়ভাৱে নিৰ্মিত ইকিউএছ এছইউভি ৫৮০, আৰু অতি বিলাসী মাৰ্চিডিজ-মেবাক ইকিউএছ এছ ইউ ভি। এই ভেৰিয়েন্টসমূহে ব্ৰেণ্ডটোৰ ইলেক্ট্ৰিক লাইনআপৰ প্ৰতি গ্ৰাহকৰ যথেষ্ট আগ্ৰহৰ সৃষ্টি কৰিছিল।