/asomiyapratidin/media/media_files/2025/07/15/dfdfdf-2025-07-15-17-23-30.jpg)
নেঘেৰিবিলত উচ্ছেদঃ মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পাছতে অঞ্চলজুৰি হাহাকাৰ
ডিজিটেল সংবাদ, মেৰাপানীঃ ৰাজ্যজুৰি অবৈধভাৱে ভূমি বেদখলকৈ উচ্ছেদ অভিযান চলি থকাৰ মাজতে একাংশ দল সংগঠনৰ অভিযোগৰ ভিত্তিত মেৰাপানী সীমান্তৰ নেঘেৰীবিলতো উচ্ছেদ চলোৱাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে বিভাগক জৰীপ কৰাৰ বাবে আহ্বান জনাব বুলি সংবাদ মাধ্যমত প্ৰকাশ হোৱাৰ পাছতে হাহাকাৰ অৱস্থা সৃষ্টি হৈছে নেঘেৰীবিল গাঁওত।
মেৰাপানীৰ একেবাৰে নগালেণ্ড সীমান্তৰ নেঘেৰিবিল গাঁৱত উচ্ছেদ চলা সন্দৰ্ভত সংবাদ মাধ্যমত চৰ্চা চলি থকাৰ পৰিপ্ৰেক্ষিতত গাঁওখনৰ লোক সকলৰ মাজত বিৰাজ কৰিছে তীব্ৰ আতংকৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উৰিয়ামঘাট সীমান্তৰ সমান্তৰালভাৱে মেৰাপানীৰ নেঘেৰিবিলটো উচ্ছেদ চলাৰ ইংগিত দিয়াৰ পাছতে এতিয়া যথেষ্ঠ গুণাগথা চলিছে নেঘেৰিবিলক লৈ।
অভিযোগ অনুসৰি, ২ নং নেঘেৰিবিল গাঁৱত বংগমূলীয় মুছলমানৰ সংখ্যা দিনকদিনে বৃদ্ধি পোৱাত স্থানীয় জনগাঁঠনিত বিৰূপ প্ৰভাৱ পৰিছে। কিন্তু প্ৰকৃততেই গাঁওখনত বংগমূলীয় মুছলমানৰ সংখ্যা বৃদ্ধি হৈছে নে তাক স্বচক্ষুৰে প্ৰতক্ষ্য কৰিবলৈ আমাৰ সাংবাদিক উপস্থিত হৈছিলগৈ ২ নং নেঘেৰিবিল গাঁৱত। বৰ্তমান সময়ত গাঁওখনত থকা বংগমূলীয় মুছলমান লোকৰ জনসংখ্যা প্ৰায় ১২০০, মুঠ ভোটাৰ প্ৰায় ৭০০।
গাঁওবাসীয়ে দিয়া তথ্য অনুসৰি, ১৯৬৩ চনত বসতি আৰম্ভ কৰা সময়ত গাঁওখনত বংগমূলীয় মুছলমানৰ মাথোঁ ১৫ টা পৰিয়ালহে আছিল। কিন্তু বিগত পাঁচটা দশকত ১৫ টা পৰিয়ালৰ পৰা গৈ বৰ্তমান ডেৰ শতাধিক পৰিয়াল হ'লগৈ গাঁওখনত। ১৯৬৩ চনৰে পৰা প্ৰায় ২৫০ বিঘা মাটিত বসবাস কৰি কালক্ৰমত চৰকাৰী সা-সুবিধা লৈ অংগনবাৰী কেন্দ্ৰ, পকী পথ, বিজুলীবাতি, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আদিৰে পৰিপূৰ্ণ হোৱা লোক সকলে কোনো কাৰণতেই তেওঁলোক অবৈধ বেদখলকাৰী নহয় বুলি মন্তব্য কৰে। সম্প্ৰতি উচ্ছেদৰ ভূতে খেদি ফুৰা গাঁওখনৰ সহস্ৰাধিক পৰিয়ালৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কেনে পদক্ষেপ গ্ৰহণ কৰে সেইয়া হ'ব লক্ষণীয়।