তেজ দি হ'লেও নাগালেণ্ডক মাটি নিদিয়াৰ হুংকাৰ কৃষকৰ...

মেৰাপানীত তেজ দি হ'লেও নাগালেণ্ডক মাটি নিদিয়াৰ হুংকাৰ কৃষকৰ। "আমাক চৰকাৰী আঁচনি নালাগে, চৰকাৰী বস্তুও নালাগে, আমাক মাটি লাগিব। মূলা গাভৰু নিচিনাকৈ, পিয়লি ফুকনৰ নিচিনাকৈ আমি মৰি যাম।" 

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
নগালেণ্ডক মাটি নিদিয়াৰ হুংকাৰ কৃষকৰ

ডিজিটেল সংবাদ, মেৰাপানী : মেৰাপানীত তেজ দি হ'লেও নাগালেণ্ডক মাটি নিদিয়াৰ হুংকাৰ কৃষকৰ। "আমাক চৰকাৰী আঁচনি নালাগে, চৰকাৰী বস্তুও নালাগে, আমাক মাটি লাগিব। মূলা গাভৰু নিচিনাকৈ, পিয়লি ফুকনৰ নিচিনাকৈ আমি মৰি যাম।" 

Advertisment

মঙ্গলবাৰে মেৰাপানীৰ বিবদামান চীডৰ্ফামৰ নগাই বেদখল কৰা ভূমিত এই হুংকাৰ অসমীয়া কৃষক ৰাইজৰ। মেৰাপানীৰ ভেলৌগুৰিৰ চীডফাৰ্মত দশক দশক ধৰি খেতি বাতি কৰি জীৱিকা নিৰ্বাহ কৰি অহা অসমীয়া খেতিয়কলৈ যোৱা ২২ মাৰ্চত নগা প্ৰশাসনে সেই ভূমিত তৈল খেজুৰৰ খেতি কৰিব বুলি দিয়া এখন জাননীৰ পাছতে মেৰাপানীৰ চীডফাৰ্মত তীব্ৰ উত্তেজনাই বিৰাজ কৰি আহিছে। 

নগা কৃষি বিভাগৰ প্ৰশাসনে অসমৰ কৃষকৰ এই কৃষিভূমি এৰি দিবলৈ জাননী জাৰি কৰাৰ এটা পষেকৰ পাছতো অসম চৰকাৰ তথা গোলাঘাট জিলা প্ৰশাসনে কোনো ভ্ৰুক্ষেপ নকৰাত তুংগত উঠিছে কৃষকৰ প্ৰতিবাদ। উল্লেখযোগ্য যে,  অসম-নাগালেণ্ড সীমান্তৰ মেৰাপানীৰ ভেলৌগুৰি চীডফাৰ্ম অসমৰ ১২০০ একৰ কৃষিভূমি বিগত ছয়টা দশক ধৰি কৌশলেৰে বেদখল কৰি ৰাখিছে নাগালেণ্ড চৰকাৰে । 

শেহতীয়াকৈ ২২ মাৰ্চত কৃষিভূমি এৰি দিবলৈ অসমৰ কৃষক লৈ জাননী জাৰি কৰিছিল নগা প্ৰশাসনে। জাননীখনত উল্লেখ আছে যে, নাগালেণ্ড চৰকাৰে তৈলখেজুৰৰ খেতি কৰিবলৈ উক্ত মাটি অসমৰ কৃষকে এৰি দিব লাগে। ইফালে নিজে হাবি ভাঙি বসতি স্থাপন কৰি যুগ যুগ ধৰি ভোগ-দখল কৰা মাটি নগাক এৰি নিদিয়ে অসমৰ ১০০০টা কৃষক পৰিয়ালে। 

অসমৰ ভৌগলিক মানচিত্ৰৰ ভিতৰৰ মাটিত নগাৰ কেনেকৈ অধিকাৰ থাকিব পাৰে বুলি তীব্ৰ প্ৰতিবাদ গঢ়ি তুলিছে  কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। ইফালে অসম চৰকাৰৰ নিলিপ্ততাৰ সুযোগ লৈ নগা প্ৰশাসনে আৰম্ভ কৰিছে তৈল খেজুৰ খেতিৰ কাম। 

ৰাজ্য চৰকাৰৰ নিৰ্লিপ্ততাক তীব্ৰ ভাষাৰে সমালোচনা কৰে কৃষক ৰাইজে । অতি শীঘ্ৰে নগা প্ৰশাসনৰ কাম বন্ধ নকৰালে জংগী আন্দোলনৰ হুংকাৰ দিয়ে চীডফাৰ্মৰ কৃষক আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

মেৰাপানী