/asomiyapratidin/media/media_files/2025/04/02/RTfy6SiPQs76HWm76arT.jpg)
কৃষকৰ প্ৰতিবাদ
ডিজিটেল সংবাদ, মেৰাপানী: অসম-নাগালেণ্ড সীমান্তৰ অসমভূমিত নগাৰ বেদখলকৃত কৃষিভূমিত তৈল খেজুৰৰ খেতি কৰিবলৈ সাজু হৈছে নাগালেণ্ড চৰকাৰ! তাক লৈ এতিয়া চিন্তাত পৰিছে সমগ্ৰ দৈয়াং অঞ্চলৰ কৃষক। মেৰাপানীৰ ভেলৌগুৰি চীডফাৰ্মৰ ১২০০ একৰ কৃষিভূমি বিগত চয়টা দশক ধৰি কৌশলেৰে বেদখল কৰি ৰাখিছে নাগালেণ্ড চৰকাৰে। এই বিতৰ্কিত চীডফাৰ্ম আৰু অসম-নাগালেণ্ড সীমা সমস্যাক কেন্দ্ৰ কৰি বৰ্তমানেও উচ্চতম ন্যায়ালয়ত গোচৰ বিচৰাধীন হৈ আছে দুই ৰাজ্যৰ মাজত। নাগালেণ্ডৰ বেদখলত থাকিলেও কিন্তু চীডফাৰ্মৰ উৰ্বৰ ভূমিখণ্ডত বুজাবুজিৰ মাজেৰে দশক !দশক ধৰি কৃষিকাৰ্য্য কৰি আহিছিল স্থানীয় অসমীয়া কৃষকসকলে।
কিন্তু শেহতীয়াকৈ নগালেণ্ডৰ কৃষি বিভাগে দিয়া এক নিৰ্দেশনা পত্ৰ অনুসৰি চলিত বৰ্ষৰ পৰা চীডফাৰ্মৰ কৃষিভূমিত কৃষিকাৰ্য্য কৰিব নোৱাৰিব কৃষকসকলে। পত্ৰখনত উল্লেখ কৰা অনুসৰি, চীডফাৰ্মৰ বৃহৎ ভূমিখণ্ডত নাগালেণ্ড চৰকাৰে চলিত বৰ্ষতে আৰম্ভ কৰিব তৈল খেজুৰৰ খেতি। এই পত্ৰ পোৱাৰ পাছৰে পৰা চীডফাৰ্মত খেতি কৰা প্ৰায় ১০০০ টা কৃষক পৰিয়ালৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। নাগালেণ্ড প্ৰশাসনৰ এনে হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে একাংশ কৃষকে এতিয়া কৃষিভূমিতেই প্ৰতিবাদত নামিবলৈ বাধ্য হৈছে।
ইফালে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৰাজ্যিক সম্পাদক বিদ্যুৎ শইকীয়াই এই তৈল খেজুৰৰ খেতিৰ বিৰুদ্ধে কৃষকসকলক লগত লৈ এক বৃহৎ আন্দোলনৰ হুংকাৰ দিছে। দৈয়াঙৰ উৰ্বৰ কৃষিভূমিত তৈল খেজুৰৰ খেতিয়ে অশনি সংকেত কঢ়িয়াই আনিব বুলি মত প্ৰকাশ কৰিছে বিদ্যুৎ শইকীয়াই। সমান্তৰালভাৱে সদৌ দৈয়াং কৃষক সন্থাই চীডফাৰ্মত কোনোপধ্যেই তৈল খেজুৰৰ খেতি কৰিবলৈ দিয়া ন'হব বুলি হুংকাৰ প্ৰদান কৰিছে।