কৃষি ভূমি বিনষ্টঃ মেৰাপানীত ONGCৰ বিৰুদ্ধে প্ৰতিবাদত নামিল ৰাইজ...

শিৱসাগৰৰ পাছত এইবাৰ মেৰাপানীত ONGC ৰ বিৰুদ্ধে প্ৰতিবাদত নামিল স্থানীয় ৰাইজ। ONGC য়ে মইমতালীৰে কৃষিভূমি বিনষ্ট কৰাকলৈ ONGC কৰ্তৃপক্ষৰ বিৰুদ্ধে খৰ্গহস্ত হৈ পৰিছে মেৰাপানীৰ খেৰনি গাঁৱৰ ৰাইজ।

author-image
Asomiya Pratidin
New Update
onddd

ডিজিটেল সংবাদ, মেৰাপানীঃ শিৱসাগৰৰ পাছত এইবাৰ মেৰাপানীত ONGC ৰ বিৰুদ্ধে প্ৰতিবাদত নামিল স্থানীয় ৰাইজ। ONGC য়ে মইমতালীৰে কৃষিভূমি বিনষ্ট কৰাকলৈ ONGC কৰ্তৃপক্ষৰ বিৰুদ্ধে খৰ্গহস্ত হৈ পৰিছে মেৰাপানীৰ খেৰনি গাঁৱৰ ৰাইজ।

Advertisment

ONGC ৰ ১০ নং তৈলখাদৰ ৰাসায়নিক দ্ৰব্য মিহলি পানী কাষৰীয়া কৃষিভূমিলৈ এৰি দিয়াৰ ফলত ব্যাপক ভাৱে ক্ষতিগ্ৰস্ত হৈছে কাষৰীয়া কৃষিভূমি সমূহ। সেয়েহে বুধবাৰে পুৱাই স্থানীয় ৰাইজে অৱৰোধ কৰে ONGC ৰ ১০ নং তৈলখাদটো। তৈলখাদটোৰ সন্মুখভাগত বাহঁৰ বেৰিকেড লগাই স্থানীয় ৰাইজে বন্ধ কৰি দিয়ে যানবাহনৰ আহযাহ।

উল্লেখযোগ্য যে, পূৰ্বেও দুবাৰকৈ ৰিজাৰ্ভাৰৰ ভেটা ভাঙি ৰাসায়নিক পদাৰ্থ মিহলি পানী কাষৰীয়া কৃষিভূমিত সোমাইছিল। স্থানীয় কৃষকে এই সন্দৰ্ভত ONGC কৰ্তৃপক্ষক অভিযোগ দিছিল যদিও কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰিলে ONGC য়ে।

যোৱানিশা পুনৰ ৰিজাৰ্ভাৰৰ ভেটা ভাঙি দূষিত পানী কৃষিভূমিলৈ বৈ যোৱাত অৱশেষত ONGC কৰ্তৃপক্ষৰ বিৰূদ্ধে প্ৰতিবাদ কৰিবলৈ বাধ্য হৈ পৰে স্থানীয় ৰাইজে। স্থানীয় ৰাইজে সমস্যাটোৰ স্থায়ী সমাধান বিচৰাৰ লগতে ক্ষতিগ্ৰস্ত কৃষকসকলক উপযুক্ত ক্ষতিপূৰণ দিবলৈ দাবী জনাইছে।

মেৰাপানী