/asomiyapratidin/media/media_files/2025/03/24/Nj4TAamjcmR6yJ4I4ArN.jpg)
ডিজিটেল সংবাদ, মেৰাপানীঃ সদৌ অসম ঠেঙ্গাল কছাৰী সংগঠনৰ কেন্দ্ৰীয় অধিবেশনখনিৰ লগতে জনগোষ্ঠীটোৰ তৰাছিৰা বিহু কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হৈছে মেৰাপানীত। মেৰাপানীৰ হাতীয়েখোৱা চক্ৰধ্বজ সমন্বয় ক্ষেত্ৰত কাইলৈৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে আৰম্ভ হ'ব অধিবেশনখনি।
অধিবেশনখনিত ঠেঙ্গাল কছাৰী জনগোষ্ঠীৰ পৰম্পৰাগত ৰীতি নীতি, আৰ্থসামাজিক,ৰাজনৈতিক, শৈক্ষিক আৰু সাংস্কৃতিক বিষয়সমূহ প্ৰতিফলিত হ'ব। ইতিমধ্যে অধিবেশন খনিৰ সফল আয়োজনৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। ব্ৰহ্মপুত্ৰ উপত্যকাত বসবাস কৰা আটাইকেইখন জিলাৰ প্ৰায় পোন্ধৰ হাজাৰ ঠেঙ্গাল কছাৰী লোকৰ সমাগম আশা কৰিছে উদ্যোক্তা সকলে।
সদৌ অসম ঠেঙ্গাল কছাৰী সংগঠনৰ লগতে জনগোষ্ঠীটোৰ মহিলা সংগঠন ত্ৰি বাৰ্ষিক অধিবেশন খনিও একেলগে সম্পন্ন হ'ব। ইফালে জনগোষ্ঠীটোৰ পৰম্পৰাগত তৰাছিৰা বিহু উপলক্ষে অধিবেশনস্থলীত প্ৰায় দুই হাজাৰ নাচনীয়ে বুধবাৰে খোলাং বুঢ়ী নাচ প্ৰদৰ্শন কৰিব।