তৈলখাদৰ পৰা সৃষ্টি হৈছে বিকট শব্দ, নিৰ্গত হৈছে দুৰ্গন্ধময় গেছ

অ'এনজিচিৰ এটা নৱনিৰ্মিত তৈলখাদৰ বাবে এইবাৰ বিঘ্নিত হৈছে বিদ্যালয়ৰ পাঠদান প্ৰক্ৰিয়া। মেৰাপানীৰ চাউদাংপথাৰ তৰানীচুক প্ৰাথমিক বিদ্যালয়ৰ সমীপতে নতুনকৈ স্থাপন কৰা তৈলখাদটোৰ পৰা সৃষ্টি হোৱা বিকট শব্দৰ ফলত সমস্যাত পৰিছে স্থানীয় ৰাইজৰ

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-06-28 at 12.18.48 PM

ডিজিটেল সংবাদ, মেৰাপানীঃ শিৱসাগৰৰ পাছত এইবাৰ অ'এনজিচিৰ অমনোযোগী কৰ্মকাণ্ডৰ বাবেই অসুবিধাত পৰিছে মেৰাপানীৰ এটা বিশেষ অঞ্চল। অ'এনজিচিৰ এটা নৱনিৰ্মিত তৈলখাদৰ বাবে এইবাৰ বিঘ্নিত হৈছে বিদ্যালয়ৰ পাঠদান প্ৰক্ৰিয়া। মেৰাপানীৰ চাউদাংপথাৰ তৰানীচুক প্ৰাথমিক বিদ্যালয়ৰ সমীপতে নতুনকৈ স্থাপন কৰা অ'এনজিচিৰ তৈলখাদটোৰ পৰা সৃষ্টি হোৱা বিকট শব্দৰ ফলত সমস্যাত পৰিছে স্থানীয় ৰাইজৰ লগতে স্থানীয় ছাত্ৰ-ছাত্ৰী সকল। 

Advertisment

বিশেষকৈ ২৪ নং তৈলখাদটোৰ পৰা উদ্ভৱ হোৱা ধাৰাবাহিক বিকট শব্দ আৰু নিৰ্গত গেছৰ দুৰ্গন্ধই সমগ্ৰ অঞ্চলটোৰে পৰিবেশ দুষিত কৰি তুলিছে। এতিয়া এনে পৰ্যায় পাইছেগৈ যে, তৈলখাদটোৰ বাবেই একপ্ৰকাৰ পাঠদান বন্ধ হৈ পৰিছে সমীপৰ প্ৰাথমিক বিদ্যালয়খনত। যাৰবাবে শনিবাৰে উপায়ন্তৰ হৈ বিদ্যালয়ৰ কণ কণ ছাত্র ছাত্ৰী সকলক লগত লৈ শিক্ষক আৰু একাংশ অভিভাৱকে তৈলখাদটোৰ বিষয়ববীয়া সকলক জৱাবদিহি কৰে। 

অৱশ্যে অ'এনজিচি কৰ্তৃপক্ষই দুই এদিনৰ ভিতৰতে সমস্যা সমাধানৰ আশ্বাস দিয়ে। উল্লেখযোগ্য যে, শেহতীয়াকৈ মেৰাপানীৰ অঞ্চলৰ প্ৰান্তে প্ৰান্তে স্থাপন কৰা দহটাতকৈও তৈলখাদৰ বাবে ব্যাপক সমস্যাত পৰিব লগা হৈছে স্থানীয় ৰাইজ। এই ক্ষেত্ৰত শীঘ্ৰেই উৰ্ধতম কৰ্তৃপক্ষক বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় ৰাইজে দাবী জনাইছে। 

মেৰাপানী ongc ONGC news