নেঘেৰিবিলত উচ্ছেদৰ বাবে যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ কৰিছে বন বিভাগে

সন্দেহজনক লোকৰ বসতিপ্ৰধান অঞ্চলটোত উচ্ছেদ কৰাৰ উদ্দেশ্যৰে যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ কৰিছে বন বিভাগে। দেওবাৰে পুৱাৰে পৰা বন বিভাগৰ দলটোৱে ২ নং নেঘেৰিবিল গাঁৱৰ প্ৰতিটো পৰিয়ালৰ ঘৰে ঘৰে গৈ নথিপত্ৰ আৰু তথ্য সংগ্ৰহ কৰে। 

author-image
Asomiya Pratidin
New Update
merapani

নেঘেৰিবিলত উচ্ছেদৰ বাবে যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ কৰিছে বন বিভাগে

ডিজিটেল সংবাদ, মেৰাপানীঃ শনিবাৰে ড্ৰোণেৰে জৰীপ সম্পন্ন কৰাৰ পাছত দেওবাৰে মেৰাপানীৰ নেঘেৰিবিলত প্ৰবেশ কৰিলে বনবিভাগৰ এটা বৃহৎ দল। সন্দেহজনক লোকৰ বসতিপ্ৰধান অঞ্চলটোত উচ্ছেদ কৰাৰ উদ্দেশ্যৰে যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ কৰিছে বন বিভাগে। দেওবাৰে পুৱাৰে পৰা বন বিভাগৰ দলটোৱে ২ নং নেঘেৰিবিল গাঁৱৰ ঘৰে ঘৰে গৈ নথিপত্ৰ আৰু পৰিয়ালৰ তথ্য সংগ্ৰহ কৰে। 

ইফালে, বন বিভাগৰ জৰীপৰ লগে লগে উচ্ছেদৰ আশংকাত শংকিত হৈ পৰিছে গাঁওখনৰ লোকসকল। বন বিভাগৰ দলটোৱে কেমেৰাৰ সন্মুখত মুখ নুখুলিলেও জানিব পৰা মতে, জৰীপ সম্পূৰ্ণ হোৱাৰ কমদিনৰ ভিতৰতে পৰিয়ালসমূহক উচ্ছেদৰ জাননী প্ৰেৰণ কৰা হ'ব। দেওবাৰৰ জৰীপ প্ৰক্ৰিয়াত বনবিভাগক সহযোগ কৰে অসম আৰক্ষীৰ লগতে সীমান্তত নিয়োজিত চিআৰপিএফ বাহিনীয়ে‌। 

উচ্ছেদ অভিযান উচ্ছেদ নেঘেৰিবিল