/asomiyapratidin/media/media_files/2025/07/26/fdfdfdfdfdf-2025-07-26-17-15-14.jpg)
ডিজিটেল সংবাদ, মেৰাপানীঃ নেঘেৰিবিলৰ উচ্ছেদিক কোনো কাৰণতে প্ৰশ্ৰয় নিদিয়াৰ হুংকাৰ খিলঞ্জীয়া মুছলমানৰ। মেৰাপানীত সংবাদমেল পাতি স্থানীয় মছজিদ পৰিচালনা সমিতিয়ে ললে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এই সিদ্ধান্ত অনুসৰি, কোনো কাৰণতে উচ্ছেদিত পৰিয়ালক প্ৰৱেশ কৰিবলৈ নিদিয়ে খিলঞ্জীয়া মুছলমানৰ গাঁৱত। মেৰাপানী জামে মছজিদ আৰু ইছলামপুৰ জামে মছজিদ পৰিচালনা সমিতিয়ে উচ্ছেদিত পৰিয়ালক মেৰাপানী আৰু ইছলামপুৰ দুয়োখন গাঁৱতে প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰিছে।
এক সংবাদমেল যোগে, মছজিদ পৰিচালনা সমিতিয়ে চৰকাৰে বেদখলকাৰীক উচ্ছেদ কৰা কাৰ্য্যক আদৰণি জনাই সম্পূৰ্ণ সমৰ্থন ব্যক্ত কৰে। মেৰাপানী আৰু ইছলামপুৰ গাঁৱত যাতে কোনো উচ্ছেদিত পৰিয়ালে ভূমি ক্ৰয় কৰিব নোৱাৰে অথবা ঘৰ ভাড়া ল'ব নোৱাৰে তাৰ প্ৰতিও সতৰ্ক থাকিব খিলঞ্জীয়া মুছলমান অধ্যুষিত গাঁও দুখনৰ ৰাইজে। ইতিমধ্যে মেৰাপানী আৰু ইছলামপুৰ গাঁৱৰ প্ৰতিটো পৰিয়ালক মছজিদ পৰিচালনা সমিতিৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰা হৈছে।
উল্লেখযোগ্য যে, মেৰাপানীৰ নিচেই কাষতে থকা ২ নং নেঘেৰিবিল গাঁৱৰ বেদখলকাৰীক উচ্ছেদৰ বাবে ইতিমধ্যে প্ৰায় যাৱতীয় প্ৰস্তুতি চলাইছে প্ৰশাসনে। তেনেস্থলত উচ্ছেদিত পৰিয়ালসমূহ কাষৰীয়া মেৰাপানী আৰু ইছলামপুৰ গাঁৱত প্ৰৱেশ কৰাৰ চেষ্টা চলাব বুলি শংকিত হৈ পৰিছে মেৰাপানী আৰু ইছলামপুৰ গাঁৱৰ ৰাইজ।