মেৰাপানীত অনা অসমীয়াৰ বিৰুদ্ধে স্থানীয় দল সংগঠন...

প্ৰতিবাদী সভাত ৰাইজে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা মেৰাপানী অঞ্চলত কোনো অনা অসমীয়া ব্যৱসায়ীয়ে দল সংগঠন তথা ৰাইজৰ সৈতে আলোচনা নকৰাকৈ খিলঞ্জীয়াৰ ভূমি ক্ৰয় কৰিব নোৱাৰিব।

author-image
Asomiya Pratidin
New Update
fgff

ডিজিটেল সংবাদ,মেৰাপানী: মেৰাপানীত অসমীয়া আৰু অনা অসমীয়াৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছে। যোৱানিশা গুপ্তা উপাধিধাৰী এটা ব্যৱসায়িক পৰিয়ালে দুজন অসমীয়া যুৱকক আক্ৰমণ কৰি চিকিৎসাধীন কৰা ঘটনাই সমগ্ৰ মেৰাপানীতে উত্তেজনাৰ সৃষ্টি কৰিছে।

Advertisment

আজি ঘটনাটোত ক্ষোভিত হৈ মেৰাপানীৰ স্থানীয় দল সংগঠন একত্ৰিত হৈ গুপ্তা বাহিনী আৰু অনা অসমীয়াৰ দপদপনিৰ বিৰুদ্ধে এক প্ৰতিবাদী সভা অনুষ্ঠিত কৰে। দল সংগঠন সমূহে আক্ৰমণকাৰী প্ৰদীপ গুপ্তা আৰু অনিল গুপ্তাৰ পৰিয়ালৰ বিৰুদ্ধে উমৈহতীয়া ভাৱে মেৰাপানী আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে।

ইফালে প্ৰতিবাদী সভাত ৰাইজে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা মেৰাপানী অঞ্চলত কোনো অনা অসমীয়া ব্যৱসায়ীয়ে দল সংগঠন তথা ৰাইজৰ সৈতে আলোচনা নকৰাকৈ খিলঞ্জীয়াৰ ভূমি ক্ৰয় কৰিব নোৱাৰিব।

উল্লেখযোগ্য যে, খিলঞ্জীয়া যুৱক মিলন দাস আৰু বিজিত দাসক আক্ৰমণ কৰা ঘটনাত জড়িত প্ৰদীপ গুপ্তা, অনিল গুপ্তা, ভাৰত গুপ্তা আৰু ইণ্ডিয়া গুপ্তাক নিশায়েই আটক কৰি আদালতলৈ প্ৰেৰণ কৰিছে। ইফালে স্থানীয় দল সংগঠন সমূহে আগন্তুক এটা মাহৰ বাবে বন্ধ কৰি দিছে আক্ৰমণকাৰী গুপ্তা এণ্ড কোম্পানীৰ ব্যৱসায়ীক প্ৰতিষ্ঠানসমূহ।

মেৰাপানী