/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-13/edl3nyvk/1.jpg)
ডিজিটেল সংবাদ,গোলাঘাট: মঙলবাৰে পুৱাই মেৰাপানীত বেদখলৰ বিৰুদ্ধে উচ্ছেদ চলালে গোলাঘাট জিলা প্ৰশাসনে। বিশেষকৈ মেৰাপানী আৰক্ষী থানা আৰু পশু চিকিৎসালয়ৰ সন্মুখত চৰকাৰী ভূমিত গঢ় লৈ উঠা দোকান সমূহ উচ্ছেদ কৰে প্ৰশাসনে।
শেহতীয়াকৈ একাংশ বেদখলকাৰীয়ে চৰকাৰী ভূমিখণ্ডত অবৈধভাৱে দোকান ঘৰ নিৰ্মাণ কৰি মেৰাপানীৰ পৰিবেশ বিনষ্ট কৰিছিল। একাংশ বেদখলকাৰী এনে পৰ্যায়লৈ গৈছিল যে, মেৰাপানী পশু চিকিৎসালয়ৰ প্ৰবেশ পথটোও বেদখল কৰি একপ্ৰকাৰ বন্ধ কৰি দিছিল।
সেয়ে মঙলবাৰে সীমান্ত দণ্ডাধীশৰ নেতৃত্বত আৰক্ষী চিআৰপিএফৰ দল মোতায়েন কৰি এফালৰ পৰা উচ্ছেদ কৰে অবৈধ দোকান আৰু বাসগৃহসমূহ। উচ্ছেদস্থলীত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতি উদ্ভৱ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি কটকটীয়া নিৰাপত্তা বেষ্টনীৰ ব্যৱস্থা কৰা হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us