/asomiyapratidin/media/media_files/2025/06/26/breaking-news-2025-06-26-22-44-29.jpg)
ডিজিটেল সংবাদ, মেৰাপানীঃ ড্ৰাগছ আসক্তৰ মৃত্যুক কেন্দ্ৰ কৰি মেৰাপানীত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। আন্তৰ্জাতিক ড্ৰাগছ প্ৰতিৰোধী দিৱসৰ দিনটোতেই মেৰাপানীত সংঘটিত হৈছে এক ভয়ানক ঘটনা। ড্ৰাগছৰ অভাৰ ড'জৰ বাবেই অকাল মৃত্যু সাৱটিলে এজন সুঠাম যুৱকে। আপাৰ মেৰাপানী এলেকাত ড্ৰাগছৰ অভাৰ ড'জ লৈ কৰুণ মৃত্যুক সাৱটিলে যোগানন্দ ঠেঙাল নামৰ যুৱকজনে।
নুমলীগড়ৰ পোৰাবাংলা এলেকাৰ যুৱকজন বিগত পাঁচমাহৰ পৰা মেৰাপানীৰ চাউদাং পথাৰ গাঁৱৰ ভিনিহিয়েকৰ ঘৰত আছিল। ড্ৰাগছ আসক্ত যোগানন্দ ঠেঙালক ড্ৰাগছৰ আসক্তি এৰুৱাবৰ বাবেই ভিনিহিয়েকে নিজ ঘৰত ৰাখিছিল। বৃহস্পতিবাৰে পুৱা দুই ভাগিনক বিদ্যালয়লৈ নি ঘৰলৈ উভটি নোযোৱাত ভিনিহিয়েকে বিচাৰ খোচাৰ কৰি অৱশেষত যোগানন্দক আপাৰ মেৰাপানীৰ এখন বাঁহনিৰ তলত মৃত অৱস্থাত প্ৰত্যক্ষ কৰে। ইফালে মৃতদেহ উদ্ধাৰৰ পাছতেই স্থানীয় গাঁওবাসীয়ে ভাঙি লণ্ড-ভণ্ড কৰে ড্ৰাগছ ব্যৱসায়ীৰ বাসগৃহ।
স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, বগাই আলি আৰু জাকিৰ আলিৰ বাসগৃহত ড্ৰাগছ লোৱাৰ পাছতেই মৃত্যুমুখত পৰে যোগানন্দ ঠেঙাল। সেয়েহে ক্ষোভিত ৰাইজে ভাঙি লণ্ডভণ্ড কৰে অভিযুক্ত ড্ৰাগছ ব্যৱসায়ী দুটাৰ বাসগৃহ। পাছত চিআৰপিএফ আৰু মেৰাপানী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ইফালে স্থানীয় ৰাইজে অভিযোগ কৰা মতে মেৰাপানী আৰক্ষীৰ অকমণ্যতাৰ বাবেই শেহতীয়াকৈ মেৰাপানীত বৃদ্ধি পাইছে ড্ৰাগছৰ অবাধ প্ৰচলন।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us