মেৰাপানী সীমান্তত ১১জনীয়া চিকাৰীৰ দলৰ সন্ত্ৰাসঃ আহত ৪ অসমীয়া

১১ জনীয়া নগা  দুৰ্বৃত্তৰ ভাবুকিত কিশোৰ কুমাৰ, ধীৰেশ্বৰ দৈমাৰী, লুলু গগৈ,ৰুমি গুৱালা নামৰ চাৰিজনকৈ লোক আঘাটপ্ৰাপ্ত হয়। নগা দুৰ্বৃত্ত দলটোৰ অৰ্তকিত এই আক্ৰমণৰ পাছতেই গাওঁবাসী ওলাই আহি আটক কৰে দুজন নগা যুৱকক।

New Update
WhatsApp Image 2025-12-15 at 9.37.36 AM

ডিজিটেল সংবাদ,মেৰাপানীঃ মেৰাপানী সীমান্তৰ ডি চেক্টৰৰ ভেলৌগুৰি জয়পুৰ গাঁৱত দেওবাৰে বিয়লি চুবুৰীয়া নাগালেণ্ডৰ ১১ জনীয়া অস্ত্ৰধাৰী চিকাৰী দলে জয়পুৰ গাঁৱত চৰাই মাৰিবলৈ আহি অসমীয়াক ভবুকি দি মাৰপিট কৰা ঘটনাক লৈ তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়।

বিবদমান চীডৰ্ফামৰ কাষতে থকা ৮৩ টা অসমীয়া পৰিয়ালে বসবাস কৰা গাঁওখনত নগা দুৰ্বৃত্তৰ দলটোৱে চৰাই মৰাত বাধাত প্ৰদান কৰাৰ বাবেই গাঁওখনৰ কেইবাজনো ব্যক্তিক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰাৰ লগতে বন্দুক লৈ গুলীয়াই দিয়াৰ ভাবুকি দিয়ে।

১১ জনীয়া নগা  দুৰ্বৃত্তৰ ভাবুকিত কিশোৰ কুমাৰ, ধীৰেশ্বৰ দৈমাৰী, লুলু গগৈ,ৰুমি গুৱালা নামৰ চাৰিজনকৈ লোক আঘাটপ্ৰাপ্ত হয়। নগা দুৰ্বৃত্ত দলটোৰ অৰ্তকিত এই আক্ৰমণৰ পাছতেই গাওঁবাসী ওলাই আহি আটক কৰে দুজন নগা যুৱকক।

আনহাতে ৯ জন নগা যুৱকে ঘটনাস্থলীৰ পৰা পলায়ণ কৰে। স্থানীয় গাঁওবাসীয়ে দুৰ্বৃত্তৰ দলটোৰ মাজৰ পৰা বাংগা লুথা, চুচুম' অডিঅ' ক আটক কৰিবলৈ সক্ষম হয়। ঘটনাক লৈ বৰ্তমানেও উত্তেজনাই বিৰাজ কৰিছে সীমান্ত অঞ্চলটোত।

সম্প্ৰতি চি আৰ পি এফ, মেৰাপানী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চেষ্টা অব্যাহত ৰাখিছে যদিও স্থানীয় লোক সকলে পলায়ণ কৰা ৯ জনকৈ নগা দুৰ্বৃত্তৰ দলটোক কৰায়ত্ত নকৰা পৰ্যন্ত আটক কৰা দুই নগা যুৱকক আৰক্ষীৰ জিম্মাত প্ৰদান কৰিবলৈ প্ৰস্তুত হোৱা নাই।

ইফালে এই ঘটনাৰ সন্দৰ্ভত স্থানীয় লোক সকলে মেৰাপানী আৰক্ষীক প্ৰথমে ফোনযোগে অৱগত কৰিছিল যদিও মেৰাপানী আৰক্ষী থানাৰ এজন সহকাৰী উপ পৰিদৰ্শকে এই ভূমি নগালেণ্ডৰ ভাণ্ডাৰীৰ বুলিহে অৱগত কৰি বহু পলমকৈ ঘটনাস্থলীত উপস্থিত হোৱাক লৈ জাঙুৰ খাই উঠিছে স্থানীয় জনসাধাৰণ। অন্যহাতে ঘটনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক বিদ্যুৎ শইকীয়াই। 

মেৰাপানী