মেৰাপানী সীমান্তত নগাৰ যুযুধান ৰূপঃ হাতে হাতে দা, বন্দুক লৈ অসমীয়া কৃষকক উচ্ছেদৰ ভাবুকি

সীমান্তত আকৌ কৌশলী আগ্ৰাসন আৰম্ভ কৰিছে নগাই। এইবাৰ অসমীয়াৰ চাহ বাগিচাত নিজ ইচ্ছা অনুসৰি গৰাকীৰ অনুপস্থিতিত ৰবৰৰ খেতি কৰি অসমীয়া কৃষকৰ ভূমি বেদখলৰ চেষ্টা চলাইছে নগাই।

author-image
Asomiya Pratidin
New Update
মেৰাপানী সীমান্তত নগাৰ যুযুধান ৰূপঃ হাতে হাতে দা, বন্দুক লৈ অসমীয়া কৃষকক উচ্ছেদৰ ভাবুকি

ডিজিটেল সংবাদ মেৰাপানীঃ সীমান্তত পুনৰ কৌশলী আগ্ৰাসন আৰম্ভ কৰিছে নগাই। এইবাৰ অসমীয়াৰ চাহ বাগিচাৰ মাজত ৰবৰৰ খেতি কৰি অসমীয়া কৃষকৰ ভূমি বেদখলৰ চেষ্টা চলাইছে নগাই। উল্লেখ্য যে, ১ নং ওপৰ তৰানি গড়বস্তি গাঁৱৰ ৰামবল গড় নামৰ লোকজনৰ ভোগদখলত থকা ক্ষুদ্ৰ চাহ বাগিচাখনত শনিবাৰৰ পৰা ৰবৰ পুলি ৰোপণ আৰম্ভ কৰিছে একাংশ নগা লোকে। 

Advertisment

নগা পাহাৰৰ কাষতে অৱস্থিত চাহ বাগিচাখন বেদখল কৰাৰ লক্ষ্যৰে নগাই গৰাকী ৰামবল গড়ৰ অলক্ষিতে এনেদৰে ৰবৰ গছৰ পুলি ৰোপণ কৰা কাৰ্য আৰম্ভ কৰিছে। ১৯৭১ চনতে ৰামবল গড়ৰ ককাক মহাবীৰ গড়ক অসম চৰকাৰে উক্ত ভূমিখণ্ড আবন্টন দিছিল। 

ঠিক তেতিয়াৰে পৰা মহাবীৰ গড়ৰ পৰিয়ালে ভূমিখণ্ড নিজা ভোগদখলত ৰাখি খেতিবাতি কৰি আহিছে। কিন্তু কাষৰীয়া নগাপাহাৰৰ একাংশ নগালোকে উক্ত ভূমিখণ্ড কৌশলেৰে হস্তগত কৰাৰ বাবে বাৰে চেষ্টা চলাই আহিছে। 

নগাৰ এনে কাৰোকাৰ্যত এতিয়া শংকিত হৈ পৰিছে গড়বস্তি গাঁৱৰ কৃষকসকল। সম্প্ৰতি গাঁওবাসীয়ে অঞ্চলটোত নগাৰ অতিক্ৰমণ ৰোধ কৰাৰ বাবে পাল পাতি পহৰাৰ ব্যৱস্থা কৰিছে। গাঁওবাসীয়ে অঞ্চলবাসীৰ নিৰাপত্তাৰ স্বাৰ্থত সীমান্তত নিয়োজিত চি আৰ পি এফৰ নিয়মীয়া পহৰাৰ দাবী জনাইছে। 

তাৰ মাজতে আজি বিয়লি ঘটনাস্থলী পৰিদৰ্শন কৰিবলৈ অহা ১৪২ নং চি আৰ পি এফৰ এটা দলৰ সন্মুখতেই হাতত বন্দুক, দা আদি লৈ চি আৰ পি এফৰ দলটোৰ লগত বাক্‌ বিতণ্ডা কৰাৰ লগতে নিৰীহ অসমীয়া কৃষকক উচ্ছেদ কৰাৰ ভাবুকি প্ৰদান কৰে। নগাৰ অতপালিৰ পাছতো বৰ্তমানেও নীৰৱ দৰ্শকৰ ভূমিকা পালন কৰা গোলাঘাট প্ৰশাসনৰ কাৰ্যই আচৰিত কৰি তুলিছে স্থানীয় সীমান্তবাসী অসমৰ ৰাইজক। 

মেৰাপানী