/asomiyapratidin/media/media_files/2025/04/19/l8Jq4PqvhWQ1VprA43il.jpg)
জাগীৰোড মহাবিদ্যালয়ত সজাগতা কাৰ্যসূচী
ডিজিটেল সংবাদ, মায়ং: কৈশোৰ অৱস্থাৰ মানসিক স্বাস্থ্য সন্দৰ্ভত ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে শনিবাৰে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু দিলীপ বৰুৱা স্মৃতি ন্যাসৰ সহযোগত জাগীৰোড মহাবিদ্যালয়ত সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয়। ডেৰ শতাধিক ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ উপস্থিতিত অনুষ্ঠিত সজাগতা অনুষ্ঠানত মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই আদৰণি ভাষণ দি কয় যে "কৈশোৰ অৱস্থাত মানসিক স্বাস্থ্যৰ সমস্যা বৰ্তমান সময়ত এটা অতি গুৰুতৰ বিষয়। কিন্তু বহু সময়ত এনে বিষয়সমূহ আওকাণ কৰা দেখা যায়" বুলি উল্লেখ কৰি তেওঁ বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলক নিজ কে আনৰ সৈতে তুলনা কৰি কোনো কাৰণতে হীনমন্যতাত নুভুগিবলৈ আহ্বান জনায়।
তেওঁ কয় যে "সৰু ঠাইৰ পৰা আহিছোঁ বা আৰ্থিকভাৱে দুৰ্বল ঘৰ এখনৰ পৰা আহিছো বুলি কেতিয়াও হতাশাত ভোগা উচিত নহয়। সফলতা অৰ্জনৰ ক্ষেত্ৰত এনেবোৰ কাৰণ কেতিয়াও হেঙাৰ হ'ব নোৱাৰে" বুলি তেওঁ দৃঢ়তাৰে কয়। তেওঁ ছাত্ৰ-ছাত্ৰীসকলক সৰু সৰু কথাৰ বাবে মনোবল নেহেৰুৱাই দৃঢ়তাৰে আগবাঢ়ি যাবলৈ আহ্বান জনায়।
জিলা আয়ুক্তগৰাকীৰ আহ্বানক্ৰমে অনুষ্ঠানত সুধাকণ্ঠৰ "মানুহে মানুহৰ বাবে" শীৰ্ষক গীতটি সকলোৱে সমস্বৰে গাই এক অনন্য পৰিৱেশৰ সৃষ্টি কৰে। সভাত সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰি ডাঃ জয়ন্ত দাসে কয় যে "২০৩০ চনৰ ভিতৰত মানসিক বিকাৰগ্ৰস্ততা আমাৰ বাবে মূল সমস্যা হ'ব। লুকুৱাই নাৰাখি মুকলিকৈ মানসিক স্বাস্থ্যৰ কথা পাতিলেহে এই কৰ্মশালাৰ উদ্দেশ্য সফল হ'ব" বুলি তেওঁ উল্লেখ কৰে। অনুষ্ঠানত সমল ব্যক্তিৰূপে লয়া আগৰৱাল, ডাঃ সুৰেশ চক্ৰৱৰ্তী, ডাঃ নীলিমা ভাগৱতী, অভিজিত ভট্টাচাৰ্য, বৃন্দা বৰুৱা শৰ্মা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। আনহাতে জাগীৰোড মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ভৱেন চন্দ্ৰ নেওগ, দিলীপ বৰুৱা স্মৃতি ন্যাসৰ সভাপতি নিলিমেশ বৰুৱা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আজিৰ অনুষ্ঠানত উপস্থিত থাকে। অনুষ্ঠানৰ আঁত ধৰে ডাঃ অৰ্চনা ভট্টাচাৰ্যই।