Advertisment

শিক্ষাব্ৰতী লক্ষীৰাম বৰাৰ স্মৃতিচাৰণ সভা

অনুষ্ঠানটিত বন্তি প্ৰজ্বলন কৰে মাখন চন্দ্ৰ তামুলীয়ে। ভাগৱত পাঠ কৰে ৰমেশ চন্দ্ৰ বৰাই। নামকীৰ্তন কৰে কন্তি ডেকাই। পৰবৰ্তী সময়ত তেখেতৰ কৰ্মজীৱনৰ ওপৰত আলোকপাত কৰি কেইবাগৰাকী বক্তা আবেগিক হৈ পৰে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
শিক্ষাব্ৰতী সলক্ষীৰাম বৰাৰ স্মৃতিচাৰণ সভা

শিক্ষাব্ৰতী সলক্ষীৰাম বৰাৰ স্মৃতিচাৰণ সভা

ডিজিটেল সংবাদ, বটদ্ৰৱা : বিশিষ্ট সমাজকৰ্মী, শিক্ষাবিদ, জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ লক্ষীৰাম বৰাৰ যোৱা ৮ জানুৱাৰীত নিজা বাসভৱনত পৰলোক ঘটে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮৮ বছৰ।

Advertisment

বৃটিছৰ অমোলৰে ১৯০৪ চনত স্থাপিত জাজৰি সংযুক্ত মজলীয়া বিদ্যালয়ত প্ৰাথমিক শিক্ষাগ্ৰহণ কৰি জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা সুখ্যাতিৰে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ বৰাই পিছত নগাঁও মহাবিদ্যালয়ৰ পৰা আই এ আৰু স্নাতক উত্তীৰ্ন হৈ জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ১৯৬৮ চনত সহ শিক্ষক হিচাপে চাকৰী জীৱনৰ পাতনি মেলে।

অতিকে মৰমীয়াল, ৰসিক লক্ষীৰাম বৰা আছিল ছাত্র-ছাত্রী সকলৰ অতিকে প্ৰিয় শিক্ষাগুৰু। দেওবাৰে তেখেতৰ আদ্যশ্ৰাদ্ধৰ দিনা নাম-প্ৰসংগৰ লগতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানটিত বন্তি প্ৰজ্বলন কৰে মাখন চন্দ্ৰ তামুলীয়ে।

ভাগৱত পাঠ কৰে ৰমেশ চন্দ্ৰ বৰাই। নামকীৰ্তন কৰে কন্তি ডেকাই। পৰবৰ্তী সময়ত তেখেতৰ কৰ্মজীৱনৰ ওপৰত আলোকপাত কৰি কেইবাগৰাকী বক্তা আবেগিক হৈ পৰে। অনুষ্ঠানটিত জাজৰি, বৰিগাঁও, হেমাৰবৰি, ফুলনি আটি, পাঘালী, গায়ন গাঁও, খালৈ গাঁৱৰ কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে।

batadraba