সমাজহৈতিষী- শিক্ষাবিদ তিলক চন্দ্ৰ শৰ্মাৰ স্মৃতিচাৰণ সভা

শুকুৰবাৰে এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত বিশিষ্ট শিক্ষাবিদ, সমাজহিতৈষী তথা অসম সাহিত্য সভাৰ কথাসাহিত্য বঁটাপ্ৰাপক প্ৰয়াত তিলক চন্দ্ৰ শৰ্মাৰ স্মৃতিচাৰণ ও শ্ৰদ্ধাঞ্জলী অনুষ্ঠান অনুষ্ঠিত হয়। মহানগৰীৰ মিলনপুৰস্থিত নিজ বাসগৃহত সদৌ অসম দামোদৰ সংঘৰ উদ্যোগত এই অনুষ্ঠানটি অনুষ্ঠিত কৰা হয়। 

author-image
Asomiya Pratidin
New Update
শিক্ষাবিদ তিলক চন্দ্ৰ শৰ্মাৰ স্মৃতিচাৰণ সভা

শিক্ষাবিদ তিলক চন্দ্ৰ শৰ্মাৰ স্মৃতিচাৰণ সভা

ডিজিটেল ডেস্ক : শুকুৰবাৰে এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত বিশিষ্ট শিক্ষাবিদ, সমাজহিতৈষী তথা অসম সাহিত্য সভাৰ কথাসাহিত্য বঁটাপ্ৰাপক প্ৰয়াত তিলক চন্দ্ৰ শৰ্মাৰ স্মৃতিচাৰণ ও শ্ৰদ্ধাঞ্জলী অনুষ্ঠান অনুষ্ঠিত হয়। মহানগৰীৰ মিলনপুৰস্থিত নিজ বাসগৃহত সদৌ অসম দামোদৰ সংঘৰ উদ্যোগত এই অনুষ্ঠানটি অনুষ্ঠিত কৰা হয়। 

Advertisment
শিক্ষাবিদ তিলক চন্দ্ৰ শৰ্মাৰ স্মৃতিচাৰণ সভা
শিক্ষাবিদ তিলক চন্দ্ৰ শৰ্মাৰ স্মৃতিচাৰণ সভা

 

উক্ত অনুষ্ঠানত সাদিন- প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱা উপস্থিত হৈ তিলক চন্দ্ৰ শৰ্মাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰে। লগতে তেওঁ তিলক চন্দ্ৰ শৰ্মা সন্দৰ্ভত কিছু মন্তব্য প্ৰকাশ কৰে। 

স্মৃতিচাৰণ সভা
স্মৃতিচাৰণ সভা

 

একেদৰে দামোদৰ সংঘৰ বিষয়ববীয়াসকলকে ধৰি ভালেকেইগৰাকী ব্যক্তিয়ে তিলক চন্দ্ৰ শৰ্মাৰ স্মৃতিচাৰণ কৰে। লগতে তেখেতে সমাজ আৰু সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বিষয়ে আলোকপাত কৰে। 

স্মৃতিচাৰণ সভা
স্মৃতিচাৰণ সভা

 

আনহাতে তিলক চন্দ্ৰ শৰ্মাৰ স্মৃতি সুঁৱৰি আবেগিক হৈ পৰা কন্যাই তেখেতৰ বিষয়ে কেতবোৰ কথা জানিবলৈ দিয়ে। উক্ত সভাতে সদৌ অসম দামোদৰ সংঘৰ বিষয়ববীয়াসকলে প্ৰয়াত তিলক চন্দ্ৰ শৰ্মাৰ পত্নী ভানু দেৱীৰ হাতত সংঘৰ শোক প্ৰস্তাৱ সন্বলিত পত্ৰ তুলি দিয়ে। 

শিক্ষাবিদ তিলক চন্দ্ৰ শৰ্মাৰ স্মৃতিচাৰণ সভা
শিক্ষাবিদ তিলক চন্দ্ৰ শৰ্মাৰ স্মৃতিচাৰণ সভা

 

কনকেশ্বৰ গোস্বামীয়ে আঁত ধৰা এই অনুষ্ঠানত ৰবীন্দ্ৰ নাথ গোস্বামী, কমলাকান্ত কলিতা, মনোৰঞ্জন গোস্বামী, অখিল ভাৰতীয় সাহিত্য পৰিষদৰ কৰ্মকৰ্তাক প্ৰমুখ্য কৰি ভালেসংখ্যক অভ্যাগত উপস্থিত থাকে। এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে যোৱা ২ ফেব্ৰুৱাৰীত নিশা ১১-৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰিছিল তিলক চন্দ্ৰ শৰ্মাই। মৃত্যুৰ সময়ত তেওঁ পত্নীসহ ৪গৰাকী কন্যাৰ লগতে কেইবাগৰাকী নাতি- নাতিনীক এৰি থৈ গৈছে।

শিক্ষাবিদ