কেইবা দফীয়া দাবীৰে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ আক্ৰাছুৰ

মঙলবাৰে কেইবাটাও দাবী সম্বলিত এখনি স্মাৰকপত্ৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰে আক্ৰাছুৱে। স্মাৰকপত্ৰখনিত স্বাক্ষৰ কৰে আক্ৰাছুৰ কেন্দ্ৰীয় সভাপতি-সম্পাদক ক্ৰমে

author-image
Asomiya Pratidin
New Update
মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ আক্ৰাছুৰ

ডিজিটেল সংবাদ, ওদালগুৰি : মঙলবাৰে কেইবাটাও দাবী সম্বলিত এখনি স্মাৰকপত্ৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰে আক্ৰাছুৱে। স্মাৰকপত্ৰখনিত স্বাক্ষৰ কৰে আক্ৰাছুৰ কেন্দ্ৰীয় সভাপতি-সম্পাদক ক্ৰমে দ্বিপেন ৰায় আৰু হেমন্ত বড়া কোচ, ওদালগুৰি জিলা আক্ৰাছুৰ সভাপতি-সম্পাদক ক্ৰমে মিণ্টু বৰুৱা আৰু ৰতন ডেকাই।

Advertisment

স্মাৰকপত্ৰযোগে সংগঠনটোৱে উত্থাপন কৰা দাবীসমূহ হৈছে- বি টি আৰ অঞ্চলৰ অন্তৰ্গত ওদালগুৰি জিলা, তামুলপুৰ জিলা আৰু বাক্সা জিলাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকক সংৰক্ষিত জাতিৰ মৰ্যদা প্ৰদান কৰা, তিনিওখন জিলাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকক ভূমিৰ অধিকাৰ প্ৰদান কৰা, কোচ ৰাজবংশীৰ উন্নয়নৰ বাবে বিটিআৰ কোচ ৰাজবংশী উন্নয়ন পৰিষদ গঠন কৰা, অসমৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকক ভৈয়াম জনজাতিৰ ST(P)মৰ্যদা প্ৰদান কৰা আৰু ঐতিহাসিক পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ বাবে ত্ৰিপাক্ষিক(কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু আক্ৰাছু)বৈঠক অনুষ্ঠিত কৰাৰ দাবী জনায়। 

আজি সংগঠনটোৱে ওদালগুৰি সদৰ মহকুমাধিপতিৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীলৈ স্মাৰকপত্ৰখন প্ৰেৰণ কৰে।

udalguri