/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/1fdd6da6-667d-4b50-abe8-16943ab2e010/NAMRUP_16.jpg)
NAMRUP
ডিজিটেল সংবাদ নামৰূপঃ নামৰূপ সাৰ কাৰখানা বিক্ৰী কৰাৰ কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে অসম জাতীয় পৰিষদ নাহৰকটীয়া সমিতি। তাৰ পৰিপ্ৰেক্ষিত আজি অসম জাতীয় পৰিষদ নাহৰকটীয়া সমষ্টিৰ উদ্যোগত নামৰূপ সাৰ কাৰখানা বিক্ৰী কৰাৰ কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে নাহৰকটীয়া ৰাজহ চক্ৰ বিষয়াৰ যোগেদি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয় ।
অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক শুভাকৰণ কোহাঞি উপস্থিত থকা অনুস্থানত নাহৰকটীয়া সমষ্টি সমিতিৰ সভাপতি ৰঞ্জিত নিৰ্মলীয়া, সম্পাদক বিকাশ বৰুৱা , জাতীয় যুৱ শক্তিৰ ডিব্ৰুগড় জিলা সমিতিৰ কাৰ্যকৰী সভাপতি প্ৰস্তুতি ফুকন, সম্পাদক দিপাংকৰ নাহৰডেকা , জাতীয় কৃষক শক্তি জিলা সমিতিৰ যুটীয়া সম্পাদক মহেন্দ্ৰ গগৈ উপস্থিত থাকে ।
স্মাৰক পত্ৰত নামৰূপ সাৰ কাৰখানা বিক্ৰীৰ সিদ্ধান্ত পৰিহাৰ কৰিবলৈ আহ্বান জনোৱাৰ লগতে এই সিদ্ধান্ত বাহাল থাকিলে জাতীয় পৰিষদৰ তৰফৰ পৰা তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী লোৱা সিদ্ধান্তৰ বিষয়ে অৱগত কৰা হয় ।
/asomiyapratidin/media/agency_attachments/2025/10/28/2025-10-28t075720917z-untitled-2-1-2025-10-28-13-27-21.png)
Follow Us