নিউ গুৱাহাটী দুৰ্গা পূজা সমিতিৰ স্মৃতিগ্ৰন্থ উন্মোচন...

গ্ৰন্থ উন্মোচনী কাৰ্যসূচীত সাংবাদিক দিলীপ চন্দন, প্ৰকাশ মহন্তকে ধৰি বিশিষ্ট ব্যক্তি সকল উপস্থিত

author-image
Asomiya Pratidin
New Update
নিউ গুৱাহাটী দুৰ্গা পূজা সমিতিৰ স্মৃতিগ্ৰন্থ উন্মোচন...

ডিজিটেল ডেস্কঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নিউ গুৱাহাটীতো উলাহ-মালহেৰে উদযাপন কৰা হৈছে শাৰদীয় দুৰ্গা পূজা। সপ্তমীৰ শুভ ক্ষণত নিউ গুৱাহাটী অঞ্চলিক সাৰ্বজনীন পূজা সমিতিয়ে প্ৰকাশ কৰা স্মৃতিগ্ৰন্থ শুভ উন্মোচন কৰা হয়।

এই শুভ মুহুৰ্তত ঢোল,শংখ-বৰকাহঁৰ মংগল ধ্বনিৰ মাজত স্মৃতিগ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট সাংবাদিক দিলীপ চন্দন আৰু অসম কৃষি ,বিশ্ব বিদ্যালয়ৰ প্ৰাক্তন ডীন দীপেন দত্তই।

সাংবাদিক স্বপ্না বেজবৰুৱাই সম্পাদনা কৰা এই স্মৃতিগ্ৰন্থ খনত যথেষ্ঠ সংখ্যক তত্বগধুৰ লিখা প্ৰকাশ পাইছে। স্মৃতিগ্ৰন্থ খনৰ উপদেষ্টা বিশিষ্ট সাংবাদিক প্ৰকাশ মহন্ত আৰু স্মৃতিগ্ৰন্থ সমিতিৰ সভাপতি অৱসৰ প্ৰাপ্ত বেংক বিষয়া তথা ট্ৰেড ইউনিয়নৰ নেতা বাবুল চৌধুৰী।

স্মৃতিগ্ৰন্থ উন্মোচন কৰি সাংবাদিক দিলীপ চন্দনে কয় যে, ধৰ্ম কৰ্ম বৰ বিশেষ ৰক্ষা কৰি চলিব নোৱাৰিলেও তাক ৰক্ষা কৰিবলৈ চেষ্টা কৰো। মানবীয়তাৰ কথাত গুৰুত্ব তাৰ সমান্তৰালভাৱে ধৰ্মটো আগুৱাই নিবলৈ চেষ্টা কৰো।

তেওঁ শৈশৱৰ কথা সুঁৱৰি সৰুতে বন্ধু-বান্ধৱৰ সৈতে পূজাত জেলেপীৰ সোৱাদ লোৱাৰ কথা উল্লেখ কৰি নষ্টালজিক হৈ পৰে। লগতে কয় যে, পূজাৰ নামত ধৰ্মীয় ভাৱ আছে যদিও একাংশ সমিতিয়ে জাক জমকতাৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়া দেখা যায় ।

assam book