মণিপুৰত আটক সন্ত্ৰাসবাদী গোটৰ সদস্য : বিভিন্ন স্থানৰ পৰা বুজণ পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ

উগ্ৰপন্থীজনৰ‌ পৰা এটা নাইন এম এম পিষ্টলৰ লগতে ৭ টা সজীৱ গুলী আৰু এখন  মাৰুতি জিপ্সী বাহন উদ্ধাৰ কৰা হয়। উগ্ৰপন্থীজনে‌ দুজন লোকক অপহৰণৰ চেষ্টা  চলোৱাৰ সময়ত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হয়।

author-image
Asomiya Pratidin
New Update
zdgbgj

ডিজিটেল সংবাদ, শিলচৰ : অশান্তজৰ্জৰ মণিপুৰত অবৈধ মাৰণাস্ত্ৰ আৰু উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযান অব্যাহত আছে নিৰাপত্তা বাহিনীৰ। শনিবাৰে ৰাজ্যখনৰ কাংপকপি জিলাৰ এল জাংগনমফাইৰ পৰা বুজণ পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ কৰাৰ লগতে পশ্চিম ইম্ফল জিলাৰ থাংগল বাজাৰ এলেকাৰ পৰা এজন কে চি পি উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰে। 

Advertisment

মণিপুৰ আৰক্ষীৰ এক সূত্ৰই জানিবলৈ দিয়া মতে, কাংপকপি জিলাৰ এল জাংগনমফাই এলেকাত অভিযান চলোৱাৰ সময়ত ১টা চেভেন‌ পইন্ট ছিক্স টু এম স্নাইপাৰ ৰাইফল, ৩টা পিষ্টল, ১টা পইন্ট থ্ৰি জিৰো থ্ৰি বল্ট একচন ৰাইফল, ৫টা হেণ্ড গ্ৰেনেড, ৫টা  ষ্টাৰডাইন ৯০ বিস্ফোৰক, ৪ ডাল ইলেক্ট্ৰিক ডিটনেটৰৰ,  বিভিন্ন আককাৰৰ পিস্তলৰ ১৯ টা সজীব গুলি সহ বহু আপত্তিজনক সামগ্ৰী জব্দ কৰা হয়।

আনহাতে, থাংগল বজাৰ অঞ্চলত এজন কেচিপি উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ধৃত উগ্ৰপন্থীজন টেনছুবাম বংকিম ওৰফে পুনছিবা। উগ্ৰপন্থীজনৰ‌ পৰা এটা নাইন এম এম পিষ্টলৰ লগতে ৭ টা সজীৱ গুলী আৰু এখন  মাৰুতি জিপ্সী বাহন উদ্ধাৰ কৰা হয়। উগ্ৰপন্থীজনে‌ দুজন লোকক অপহৰণৰ চেষ্টা  চলোৱাৰ সময়ত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হয়।

manipur