/asomiyapratidin/media/media_files/2025/04/26/Dj8wV5JRyopaE2Q9xuIm.jpg)
কামপুৰত প্ৰশাসনে বন্ধ কৰিলে 'মেজাংকৰি - ২০২৫'
ডিজিটেল সংবাদ, কামপুৰ: বৃহত্তৰ কামপুৰৰ জাতি জনগোষ্ঠীৰ সহযোগত ৰঙালী বিহু উপলক্ষে কামপুৰ নিউ ৰে'লৱে কলনীত শনিবাৰে আয়োজন কৰা হৈছিল 'মেজাংকৰি - ২০২৫' । যি স্থানত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছিল তাত পূৰ্বতে বসতি কৰি থকা লোকসকলক ৰে'ল বিভাগৰ উৰণ সেতুখন নিৰ্মাণৰ বাবে উচ্ছেদ কৰা হৈছিল। সেই উচ্ছেদিত বহুলোক আজিও গৃহহাৰা আৰু শোকাকুল হৈ আছে বুলি কামপুৰ পৌৰসভাৰ ৱাৰ্ড কমিছনাৰ, বজাৰ সমিতিৰ লগতে একাংশ লোকে কামপুৰ আৰক্ষী থানাত আবেদন জনাইছিল । লগতে পেহেলগামৰ ঘটনাটোৱে সমগ্ৰ বিশ্ব কঁপাই তোলা সময়ত এনে অনুষ্ঠানে বিৰূপ প্ৰভাৱ পেলাব পাৰে বুলি আবেদনকাৰী সকলে আশংকা কৰি ৰঙালী বিহুৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা এই অনুষ্ঠানটি স্থগিত বা স্থানান্তৰ কৰিবলৈ আৰক্ষী-প্ৰশাসনক আবেদন জনাইছিল ।
এই আবেদনৰ ভিত্তিত আৰক্ষী প্ৰশাসনৰ লোক উৎসৱস্থলীত উপস্থিত হৈ আয়োজকক অনুষ্ঠানটি বন্ধ ৰাখিবলৈ নিৰ্দেশ দিয়ে । ইফালে 'মেজাংকৰি -২০২৫' ৰ আয়োজকসকলে ৰাজনৈতিক দলৰ শক্তিৰ ছত্ৰছায়াত বিহুৰ অনুষ্ঠান বন্ধ কৰা হৈছে বুলি সাংবাদিকৰ আগত ক্ষুব্ধ হৈ পৰে। অনুষ্ঠানটি হ'ব লগা স্থানত পূৰ্বে উচ্ছেদ চলোৱা হৈছিল আৰু উচ্ছেদিত লোকসকল দুখত আছে বুলি আবেদনত উল্লেখ কৰা সন্দৰ্ভত আয়োজকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শিলসাঁকোত ভূমিপুত্ৰ সকলক উচ্ছেদ চলাওঁতে তেতিয়া তেওঁলোকৰ চকুপানী ক'ত লুকাই আছিল বুলি প্ৰশ্ন উত্থাপন কৰিছে। ইফালে বিহুৰ অনুষ্ঠান বন্ধ কৰিবলগা বিষয়টো অসমবাসী ৰাইজক বিচাৰ কৰিবলৈ আয়োজকে আৱেগিকভাবে অনুৰোধ জনাইছে।