/asomiyapratidin/media/media_files/2025/06/09/vNaLi6Tl6PU1A748xy7O.jpg)
ডিজিটেল ডেস্কঃ ইন্দোৰৰ পৰা হানিমুনলৈ শ্বিলঙ আহিছিল নৱদম্পত্তি ৰাজা ৰঘুবংশী আৰু তেওঁৰ পত্নী সোনম ৰঘুবংশী। সেই আনন্দৰ যাত্ৰাই পৰিণত হৈছিল এক ভয়ংকৰ দুঃস্বপ্নলৈ। স্বামী ৰাজা ৰঘুবংশীৰ মৃতদেহ উদ্ধাৰ হৈছিল শ্বিলঙৰ দ খাৱৈত। তাৰ পিছতে সন্ধানহীন হৈ আছিল পত্নী সোনম।
সকলোৱে ভাৱিছিল যে, কোনো দুৰ্বৃত্তই হত্যা কৰিছিল সোনম আৰু ৰাজাক। মেঘালয় আৰক্ষীয়ে দুৰ্গম এলেকাত পত্নী সোনমৰ সন্ধানত চলাইছিল অভিযান। কিন্তু এই ঘটনাই শেহতীয়াকৈ নতুন মূৰ ললে। গাজিপুৰত সুশৰীৰে গ্ৰেপ্তাৰ হল পত্নী সোনম। আৰক্ষীয়ে সন্দেহ কৰিছে যে, স্বামী ৰাজাৰ হত্যাৰ সৈতে জড়িত আছে সোনম।
বিগত ১৭ দিন ধৰি সন্ধানহীন হৈ আছিল সোনম ৰঘুবংশী। দ খাৱৈত উদ্ধাৰ হৈছিল স্বামী ৰাজা ৰংঘুবংশীৰ মৃতদেহ। ৰাজা ৰঘুবংশীৰ হত্যাৰ পিছৰে পৰা সন্ধানহীন হৈ আছিল সোনম। হত্যাকাণ্ড সন্দৰ্ভত প্ৰতিক্ৰিয়া মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে জনাই যে, ৰাজা ৰঘুবংশীৰ হত্যাত জড়িত ৩ অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে।
সূত্ৰ অনুসৰি, ৰাজা আৰু সোনম ২৩ মে’ তাৰিখে শ্বিলঙত হানিমুনৰ শেষ দিনটো পাৰ কৰি আছিল। সেই দিনা দুপৰীয়া ১:১৩ বজাত ৰাজাই তেওঁৰ মাতৃৰ লগত ২ মিনিট ১৮ ছেকেণ্ড কথা পাতিছিল। তাৰ কিছু সময় আগতে, নিশা ১২:৩৭ বজাত সোনমেও তেওঁৰ শাহুৱেকৰ সৈতে ২ মিনিট ৪ ছেকেণ্ড কথা পাতিছিল। পৰিয়ালৰ মতে, তেওঁলোক পাহাৰখনৰ পৰা উভতি আহি আছিল, আৰু এই সময়ছোৱাত ইজনে সিজনৰ লগত শেষবাৰৰ বাবে ফোনযোগে কথা পাতিছিল।
তাৰ পিছতে ৰহস্যজনকভাৱে সন্ধানহীন হৈ পৰিছিল দুয়ো। ইয়াৰ কিছুদিনৰ পিছতে স্বামী ৰাজাৰ মৃতদেহ উদ্ধাৰ হৈছিল যদিও সন্ধানহীন হৈ আছিল সোনম। অৱশেষত সোনমো আৰক্ষীৰ জালত পৰিল। এতিয়া হয়তো পোহৰলৈ আহিব স্বামী ৰাজা ৰঘূবংশীৰ মৃত্যুৰ আৰৰ কাহিনী।