Advertisment

পশ্চিমবংগৰ পৰা মেঘালয়লৈ মাত্ৰ ৮৫ কিলোমিটাৰ! কেনেকৈ হ'ব সম্ভৱ?

নৰ্থ-ইষ্ট কাউন্সিলৰ সভাত মেঘালয়ৰ শক্তি মন্ত্ৰী এ টি মণ্ডলে এই প্ৰস্তাৱিত প্ৰকল্পৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সহায়-সহযোগ বিচাৰিছে। এই পথ সংযোগ কৰা ক্ষেত্ৰত ধুবুৰী-ফুলবাৰী নিৰ্মিয়মান দলংখন সহায়ক হ'ব।

author-image
Asomiya Pratidin
New Update
াীীাীা

ডিজিটেল ডেস্কঃ  অসমৰ মাজেৰে অহা-যোৱা নকৰাকৈ পশ্চিমবংগলৈ পোনপটীয়া সংযোগ স্থাপনৰ এক বিকল্প পথৰ প্ৰস্তাৱ দিছে মেঘালয়ে। এই পথে পশ্চিমবংগৰ বালুৰঘাট হিলিৰ সৈতে সংযোগ স্থাপন কৰিব পশ্চিম গাৰো হিলচৰ মাহেন্দ্ৰগঞ্জ।

Advertisment

প্ৰস্তাৱিত এই পথ সম্পূৰ্ণ হ'লে ৬০০ কিলোমিটাৰ দৈৰ্ঘৰ বৰ্তমানৰ পথ অতিক্ৰম কৰি পশ্চিমবংগৰ পৰা মেঘালয়লৈ যোৱাৰ বিপৰীতে মাত্ৰ ৮৫ কিলোমিটাৰ পথ অতিক্ৰম কৰিয়েই প্ৰৱেশ কৰিব পাৰিব মেঘালয়ত।

নৰ্থ-ইষ্ট কাউন্সিলৰ সভাত মেঘালয়ৰ শক্তি মন্ত্ৰী এ টি মণ্ডলে এই প্ৰস্তাৱিত প্ৰকল্পৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সহায়-সহযোগ বিচাৰিছে। এই পথ সংযোগ কৰাত ধুবুৰী-ফুলবাৰী নিৰ্মিয়মান দলংখন সহায়ক হ'ব।

গাৰো হিলচত এই প্ৰস্তাৱিত প্ৰকল্পৰ কিছু অংশৰ পথ ইতিমধ্যে নিৰ্মাণ হৈ আছে। তেনেকৈয়ে নিৰ্মাণ কাৰ্য চলি আছে ১৯ কিলোমিটাৰ দৈৰ্ঘৰ ধুবুৰী-ফুলবাৰী দলঙৰ কাম। অসমৰ ধুবুৰী আৰু মেঘালয়ৰ ফুলবাৰী সংযোগী এই পথৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হ'ব ২০২৬-২৭ বৰ্ষত।সেই পথ নিৰ্মাণ সম্পূৰ্ণ হ'লে উক্ত পথেৰে সংযোগ স্থাপন হ'ব ১২৭বি ৰাষ্ট্ৰীয় ঘাইপথৰ।

উক্ত পথেৰে মেঘালয়ৰ পৰা পোনপটীয়াকৈ যাব পৰা হ'ব টুৰা,নংস্তেন আৰু মধ্য আৰু পশ্চিম মেঘালয়ৰ চহৰবোৰলৈ। উক্ত প্ৰস্তাৱিত পথে মেঘালয়ৰ ব্যৱসায়-বাণিজ্য ক্ষেত্ৰত বহু পৰিবৰ্তন সাধিব বুলি মেঘালয় চৰকাৰে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰক অৱগত কৰিছে।

বৰ্তমান মেঘালয়ত আন্তঃৰাজ্যিক পাইপত্ৰ ব্যৱস্থা প্ৰৱৰ্তিত হৈ থকা নাই যদিও এই পথ সম্পূৰ্ণ হ'লে চুবুৰীয়া ৰাজ্যখনে সেই ব্যৱস্থা কাৰ্যকৰী কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিব। এয়া হৈ উঠিলে অসম আৰু মেঘালয়ৰ মাজৰ বৰ্তমানৰ সম্পৰ্ক বিঘ্নিত হোৱা লগতে মেঘালয়ত বাস কৰা অসমীয়া লোক সকলৰ বাবেও আন এক প্ৰত্যাহ্বানৰ সৃষ্টি হ'ব।

মেঘালয়