/asomiyapratidin/media/media_files/2025/04/13/YZeqj7voJAzmfG9iRcls.jpg)
ডিজিটেল সংবাদ,শিলচৰ: চুবুৰীয়া ৰাজ্য মেঘালয়ত বুজণ পৰিমাণৰ গাঞ্জা জব্দ কৰা হৈছে। ইষ্ট জয়ন্তীয়া হিলছ জিলাৰ আৰক্ষীয়ে এখন বাইকত তালাচী চলাই ১০ কিলোগ্ৰাম গাঞ্জা জব্দ কৰিছে। পাহাৰীয়া জিলাখনৰ নংস্নিঙত তালাচী চলাই বাইকৰ বাকচত লুকুৱাই অনা দুটা বেগৰ পৰা ১০ টা গাঞ্জাৰ পেকেট জব্দ কৰা হয় ।
পেকেট কেইটাৰ পৰা জব্দ কৰা গাঞ্জাৰ ওজন ১০ কিলোগ্ৰাম বুলি সদৰী কৰিছে মেঘালয় আৰক্ষীয়ে। গাঞ্জা সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে বাইক আৰোহী বিশাল ৰিয়াঙক আটক কৰে। ধৃত বিশালৰ ঘৰ কাছাৰ জিলাৰ পালৈপুঞ্জী চাহ বাগিছাত।