হামৰেণৰ মালিনীলৈ মেগা ইণ্ডিয়াৰ খিতাপ

পশ্চিম কাৰ্বি আংলং জিলাৰ হামৰেণৰ জীয়ৰী মালিনী টেৰনপিয়ে সৌন্দৰ্য্য প্ৰতিযোগিতাত মেগা ইণ্ডিয়া খিতাপ অৰ্জন কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে

author-image
Asomiya Pratidin
New Update
408

ডিজিটেল সংবাদ, পশ্চিম কাৰ্বি আংলং : পশ্চিম কাৰ্বি আংলং জিলাৰ হামৰেণৰ জীয়ৰী মালিনী টেৰনপিয়ে সৌন্দৰ্য্য প্ৰতিযোগিতাত মেগা ইণ্ডিয়াৰ খিতাপ অৰ্জন কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ গুৱাহাটীৰ হাতীগাঁৱত অনুষ্ঠিত মেগা ইণ্ডিয়া ২০২৫ৰ এক সৌন্দৰ্য্য প্ৰতিযোগিতাত কেইবাগৰাকী প্ৰতিযোগীক পিচ পেলাই বিজয়ৰ খিতাপ অৰ্জন কৰে মালিনীয়ে।

Advertisment

কাৰ্বি জীয়ৰী মালিনীয়ে সৌন্দৰ্য্য প্ৰতিযোগিতাখনিত কাৰ্বি পৰম্পৰাগত সাজ পৰিধান কৰাৰ লগতে জনগোষ্ঠীটোৰ কৃষ্টি প্ৰদৰ্শন কৰিছিল। যাৰ বাবে তেওঁ ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হয় ৷  

উল্লেখযোগ্য যে মালিনীৰ এই সফলতাত কেইবাটাও দল-সংগঠনে সম্বৰ্দ্ধনা জনায় ৷ লগতে তেওঁৰ সুন্দৰ ভৱিষ্যত কামনা কৰে।

কাৰ্বি আংলং