ডিজিটেল ডেস্ক : কোন হ'ব মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ? কোনে অংলকৃত কৰিব মুখ্যমন্ত্ৰীৰ আসন ? এনেবোৰ প্ৰশ্নই এতিয়া দেশৰ ৰাজনীতি গৰম কৰি তুলিছে। মহাৰাষ্ট্ৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ পদকলৈ এতিয়া ৰাজনৈতিক মহলত চৰ্চা চলিছে।
এনে সময়তে ২৮ নবেম্বৰ ২০২৪ বৃহস্পতিবাৰে মহাৰাষ্ট্ৰ চৰকাৰ গঠন সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বাসগৃহত একনাথ সিন্দেৰ উপস্থিতিত অনুষ্ঠিত হৈছে এখন বিশেষ বৈঠক। এই বৈঠকৰ অন্ত পৰিলেও ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব, তাক লৈ এতিয়াও অৱ্যাহত আছে চৰ্চা। বৈঠকৰ অন্তত একনাথ সিন্দেয়ে ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী সন্দৰ্ভত বিশেষ মন্তব্য নকৰিলেও উক্ত বৈঠকৰ ফলাফল ইতিবাচক বুলি ইংগিত প্ৰদান কৰে।
তেওঁ জানিবলৈ দিয়ে যে ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী তথা চৰকাৰ গঠন সম্পৰ্কত মুম্বাইত মহাজোঁটৰ সৈতে আন এখন বৈঠক অনুষ্ঠিত কৰা হ’ব। এই বৈঠকতে মুখ্যমন্ত্রী কোন হ’ব সেই সম্পৰ্কে সিদ্ধান্ত লোৱা হ’ব বুলি অৱগত কৰে ৷
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে বৃহস্পতিবাৰে দিল্লীত কেন্দ্ৰীয়মন্ত্ৰীগৰাকীৰ সৈতে একনাথ সিন্দে, বিজেপি নেতা দেৱেন্দ্ৰ ফাদনবিছ, এন চি পিৰ মুৰব্বী অজিত পাৱাৰকে ধৰি মহাজোঁটৰ অন্যান্য নেতাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে জে পি নাড্ডাক সাক্ষাৎ কৰিছিল।