নতুন সভাপতি গৌৰৱ গগৈক আদৰণি জনাবলৈ ৰাজীৱ ভৱনত প্ৰস্তুতি সভা : ৩ জুনত ল’ব সভাপতিৰ দায়িত্ব

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নৱনিযুক্ত সভাপতি, লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি সাংসদ গৌৰৱ গগৈয়ে অহা ৩ জুনত সভাপতিৰ দায়িত্ব আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিব। এই অনুযায়ী নতুন সভাপতি গৌৰৱ

author-image
Asomiya Pratidin
New Update
gaurav gogoi

ডিজিটেল সংবাদ, গুৱাহাটী : অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নৱনিযুক্ত সভাপতি, লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি সাংসদ গৌৰৱ গগৈয়ে অহা ৩ জুনত সভাপতিৰ দায়িত্ব আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিব। এই অনুযায়ী নতুন সভাপতি গৌৰৱ গগৈক আদৰাৰ বাবে ৰাজীৱ ভৱনত ব্যাপক উৎসাহ-উদ্দীপনাৰে বুধবাৰে এখন প্ৰস্তুতি সভা অনুষ্ঠিত হয়।

Advertisment

প্ৰস্তুতি সভাৰ অন্তত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ আৰু সাধাৰণ সম্পাদক বিপুল গগৈয়ে সাংবাদিকৰ আগত গৌৰৱ গগৈ সভাপতি হিচাপে নিযুক্তি পোৱাৰ পিছত নতুন দিল্লীৰ পৰা অসমত উপস্থিত হৈ ক’ত, কি কি কাৰ্যসূচী ৰূপায়ণ কৰিব সেই বিষয়ে সদৰী কৰে। গৌৰৱ গগৈয়ে ৩১ মে’ত নতুন দিল্লীৰ পৰা পোনে পোনে যোৰহাটত উপস্থিত হ’ব।

যোৰহাটত উপস্থিত হৈ স্থানীয় ৰাইজ, দল-সংগঠনৰ লগত বাৰ্তালাপ কৰাৰ লগতে কংগ্ৰেছ দলৰ কৰ্মীসকলৰ সৈতে বৈঠকত মিলিত হ’ব। ১ জুনৰ দিনা নতুন সভাপতি গৌৰৱ গগৈ নাজিৰালৈ যাব আৰু তাতেই অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই অনুষ্ঠিত কৰা সভাত উপস্থিত হৈ দলৰ কৰ্মী আৰু স্থানীয় ৰাইজৰ লগত মত-বিনিময় কৰিব।

শিৱসাগৰত নিশা যাপন কৰি নতুন সভাপতিগৰাকীয়ে যোৰহাট, গোলাঘাট হৈ গাড়ীৰে নগাঁৱলৈ আহিব। নগাঁৱতো দল-সংগঠন, ৰাইজৰ লগত মত-বিনিয়ম কৰি এখন জনসভাতো ভাগ ল’ব।

২ জুনত গৌৰৱ গগৈয়ে সদলবলে নগাঁৱৰ পৰা গুৱাহাটী অভিমুখে ৰাওনা হ’ব। ৩ জুনত নতুন সভাপতিগৰাকীয়ে মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত দলৰ নেতা-কৰ্মীসকলৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰিব।

সেইদিনাই গগৈয়ে দলৰ নতুন সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰিব। ইফালে, আজি এক ভিডিঅ’ বাৰ্তাত অসম প্ৰদেশ কংগ্ৰেছৰ নৱ-নিযুক্ত সভাপতি গৌৰৱ গগৈয়ে এখন দুৰ্নীতিমুক্ত, ভয়মুক্ত নতুন অসম গঢ়াৰ বাবে অসমৰ সকলো শ্ৰেণীৰ নাগৰিকৰ সহায়-সহযোগিতা বিচাৰে।

উল্লেখ্য যে, আজি ৰাজীৱ ভৱনত কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰৰ সভাপতিত্বত গৌৰৱ গগৈক আদৰণি জনোৱা সন্দৰ্ভত অনুষ্ঠিত প্ৰস্তুতি সভাত প্ৰাক্তন সাংসদ ৰিপুণ বৰা, আব্দুল খালেক, মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, উপ-সভাপতি গুণকান্ত গগৈ, নৃপেন ঠাকুৰীয়া, ৰূপা দেউৰী, বিধায়ক ৰেকিবুদ্দিন আহমেদ, দিগন্ত বৰ্মন, শিৱামণি বৰা, নুৰুল হুদা, এ. কে. ৰশ্বিদকে ধৰি প্ৰায়সকল বিধায়ক উপস্থিত থাকে।

প্ৰস্তুতি সভাত সাধাৰণ সম্পাদক ৰামান্না বৰুৱা, প্ৰদেশ কংগ্ৰেছৰ সেৱা দলৰ অধ্যক্ষ দীপ বায়ন, যুৱ কংগ্ৰেছৰ সভাপতি জুৱেৰ আনমৰ লগতে কংগ্ৰেছৰ প্ৰায় প্ৰতিটো ভাতৃ সংগঠনৰ সভাপতি আৰু সম্পাদকসকলো উপস্থিত থাকে। আজিৰ এই প্ৰস্তুতি সভাখনত কংগ্ৰেছ নেতা-কৰ্মীসকলৰ যথেষ্ট ভিৰ পৰিলক্ষিত হয়।

গৌৰৱ গগৈ