এৰিয়াছ ছ'ছাইটি আৰু পেপছিক' কোম্পানীৰ বিষয়ববীয়াৰ সৈতে কামৰূপ জিলাৰ জিলা আয়ুক্তৰ বৈঠক

শুকুৰবাৰে কামৰূপ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত এৰিয়াছ ছ'ছাইটি আৰু পেপছিক' কোম্পানীৰ বিষয়ববীয়াৰ সৈতে জিলা আয়ুক্তই এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।

author-image
Asomiya Pratidin
New Update
301

ডিজিটেল সংবাদ, গুৱাহাটী : শুকুৰবাৰে কামৰূপ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত এৰিয়াছ ছ'ছাইটি আৰু পেপছিক' কোম্পানীৰ বিষয়ববীয়াৰ সৈতে জিলা আয়ুক্তই এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। কামৰূপ জিলাৰ কৃষকসকলৰ আয় বৃদ্ধিৰ অৰ্থে  আৰু বিশেষকৈ মুখ্যমন্ত্ৰীৰ সমষ্টিত সমূহীয়া উন্নয়ন প্ৰকল্পত বাণিজ্যিক আলু খেতি কৰাৰ পৰিকল্পনাৰ সন্দৰ্ভত সভাত আলোচনা কৰা হয় ।

Advertisment

বিশ্বনাথ চাৰিআলিৰ জিজিনা গাঁৱৰ লেখিয়াকৈ আলু খেতিৰে কৃষকক স্বাৱলম্বী কৰাৰ পৰিকল্পনা কৰা হৈছে। তদুপলক্ষে আজি পেপছিক'ৰ ঠিকাভিত্তিক কৃষি পদ্ধতি সম্পৰ্কত বিশদভাৱে আলোচনা কৰা হয়।

উল্লেখ্য যে এই ঠিকাভিত্তিক কৃষি পদ্ধতিত পেপছিক' কোম্পানীৰ তৰফৰ পৰা কৃষকৰ সুবিধাৰ্থে আলুৰ উন্নতমানৰ বীজ যোগান, প্ৰয়োজনীয় কৃষি পদ্ধতিৰ প্ৰশিক্ষণ দিয়াৰ লগতে উৎপাদিত শস্যখিনি পেপছিক' কোম্পানীয়ে ক্ৰয় কৰিব বুলি জনায়। আজিৰ সভাত জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ, অতিৰিক্ত আয়ুক্ত মুনমী কলিতা, মহকুমা কৃষি বিষয়াদ্বয় ক্ৰমে জ্যোতি প্ৰসাদ দাস আৰু গিৰীন্দ্ৰ কুমাৰ শৰ্মা, এৰিয়াছ ছ'ছাইটিৰ বাণিজ্যিক বিশেষজ্ঞ ক্ৰমে দেৱৰুণ সভাপণ্ডিত, আচিফ বিন কুটুব আৰু গৌতম গোস্বামী তথা পেপছিক' কোম্পানীৰ এৰিয়া মেনেজাৰদ্বয় সৌৰভ মজুমদাৰ আৰু ৰিচা কুমাৰীৰ লগতে বহু কেইগৰাকী কৃষি উন্নয়ন বিষয়াও উপস্থিত থাকে।

কৃষি