/asomiyapratidin/media/media_files/2025/06/10/bH1LhHW1yBzDLOl5kV4R.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী : মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে লোকসেৱা ভৱনত বৰাক উপত্যকাৰ মন্ত্ৰী-বিধায়ক আৰু বৰাক উপত্যকা উন্নয়ন বিভাগৰ বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয়। উল্লেখ্য যে, বৈঠকত শাসনাধিষ্ঠিত চৰকাৰৰ অধীনত ২০২১ চনৰ পৰা বৰাকত চলি থকা উন্নয়নমূলক প্রচেষ্টাক অধিক গতি প্ৰদান কৰিবলৈ কেইবাটাও প্রচেষ্টা গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে।
প্ৰণিধানযোগ্য যে, চৰকাৰৰ কেন্দ্ৰীভূত প্ৰচেষ্টাৰ সৈতে সংগতি ৰাখি ২০২৪ চনৰ ডিচেম্বৰ মাহত বৰাক উপত্যকা উন্নয়ন বিভাগৰ সৃষ্টি কৰা হৈছিল। যাতে বৰাকৰ উন্নয়নৰ গতিশীলতা অব্যাহত ৰাখিব পাৰি। অসম বাজেটত বিভাগটোৰ বাবে ১০০ কোটি টকা ধনৰাশিও আবণ্টন দিয়া হয়।
বৈঠকত মুখ্যমন্ত্রীয়ে বৰাক উপত্যকাৰ জনপ্রতিনিধিসকলৰ লগতে বিভাগটোৰ বিষয়া-কৰ্মচাৰীসকলক বৰাক উপত্যকা অঞ্চলৰ তিনিখন জিলা অর্থাৎ কাছাৰ, হাইলাকান্দি আৰু শ্রীভূমিৰ ক্ষিপ্ৰ উন্নয়ন সুনিশ্চিত কৰিবলৈ সেই অনুসৰি পৰিকল্পনা আৰু ৰূপৰেখা প্ৰস্তুত কৰিবলৈ নিৰ্দেশনা প্রদান কৰে। বৈঠকত ড০ শর্মাই বিভাগটোক সকলো জিলাৰ সম উন্নয়নৰ সুবিধাৰ বাবে উমৈহতীয়া উন্নয়ন লক্ষ্যৰ পৰিকল্পনা কৰিবলৈ নিৰ্দেশনা প্রদান কৰে।
লগতে তেওঁ জনপ্রতিনিধিসকলক বিভাগৰ সৈতে সমন্বয় স্থাপন কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। যাতে অসম চৰকাৰে তিনিওখন জিলাৰ অসামৰিক চিকিৎসালয়ত এম আৰ আইৰ সুবিধাসমূহ ক্ষিপ্ৰতাৰে আৰম্ভ কৰিব পাৰে। বৈঠকত নতুন দিল্লী আৰু কলকাতাত বৰাক ভৱন স্থাপনৰ বিষয়েও আলোচনা কৰা হয়।
তদুপৰি বৰাক উপত্যকাৰ প্ৰতিভাসমূহক প্ৰচাৰ-প্ৰসাৰৰ বাবে বৰাক সাংস্কৃতিক মহোৎসৱ আৰু বৰাক ক্রীড়া মহোৎসৱ অনুষ্ঠিত কৰাৰ পৰিকল্পনাও বৈঠকত উত্থাপন কৰা হয়। বিভাগটোৰ কাম-কাজ সুকলমে আগুৱাই নিবলৈ শিলচৰৰ পুৰণি আৱৰ্ত ভৱনত এটা অস্থায়ী কাৰ্যালয় স্থাপন কৰা হ' ব বুলিও মুখ্যমন্ত্ৰীয়ে ব্যক্ত কৰে।
তদুপৰি বৰাকত বিভিন্ন প্ৰকল্পৰ অগ্ৰগতিৰ বিষয়েও আলোচনা কৰা হয়। বৰাক উপত্যকা সচিবালয় ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত সাজু হোৱাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰি ২০২৫ চনৰ অক্টোবৰৰ ভিতৰত নতুন ৫০০ বিছনাযুক্ত এছ এম চি এইচ ব্লক আৰু অন্যান্য প্ৰকল্পৰ লগতে অনাগত বছৰবোৰত বৰাকে উন্নয়মৰ নতুন আলোকেৰে উদ্ভাসিত হ'ব বুলি উল্লেখ কৰে।