/asomiyapratidin/media/media_files/2025/02/13/cybNBf961jFF1LA8pBsK.jpg)
কৃষি বিজ্ঞান কেন্দ্ৰত বৈজ্ঞানিক পৰামৰ্শদাতা সমিতিৰ সভা
ডিজিটেল সংবাদ, বটদ্ৰৱা : নগাঁৱৰ শিমলুগুৰিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰত বৃহস্পতিবাৰে বৈজ্ঞানিক পৰামৰ্শদাতা সমিতিৰ সভা অনুষ্ঠিত হয়। কৃষি বিজ্ঞান কেন্দ্ৰৰ দ্বাৰা যোৱা বছৰত কি কি কাৰ্যসূচী হাতত লোৱা লৈছিল, তাৰ খতিয়ান দাঙি ধৰি, আগন্তুক দিনত কি কাৰ্যসূচী হাতত লোৱা হ'ব, ভবিষ্যত দিনৰ কাৰণে কৃষি আৰু আনুসাংগিক ক্ষেত্ৰত জিলাখনৰ উন্নয়নৰ বাবে কেনেকৈ আগবাঢ়িব লাগিব, তাৰ কাৰণে সকলোৰে পৰা পৰামৰ্শ বিচাৰি এই সভা অনুষ্ঠিত হয়।
/asomiyapratidin/media/media_files/2025/02/13/T7E03KLPv0hwPIPSQRsY.jpg)
সভাত আদৰনি ভাষণ প্ৰদান কৰে কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ প্ৰধান বিজ্ঞানী তথা মূৰব্বী ড০ নিৰঞ্জন ডেকাই। তেওঁ কয়- এই সভা আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰত বছৰে বছৰে অনুষ্ঠিত হয়। আজিৰ সভাত সকলোৰে পৰা পৰামৰ্শ বিচাৰিছো। এই পৰামৰ্শ লৈ আমি আগন্তুক দিনত কাৰ্যপন্থা হাতত ল'ম বুলি প্ৰকাশ কৰে।
সভাত অসম কৃষি বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড০ মনোৰঞ্জন নেওগ, Agricultural Technology Application Research Instituteৰ পৰামৰ্শদাতা ড০ হেমেন্দ্ৰ চন্দ্ৰ ভট্টাচাৰ্য, বিজ্ঞানী ড০ বাগিশ কুমাৰ, মাণ্ডলিক গৱেষণা কেন্দ্ৰ, চিলঙনীৰ মুখ্য বিজ্ঞানী ড০ হিৰন্য কুমাৰ বৰাকে আদি কৰি কৃষি, মীন, পশুপালন, ৰেচম, জলসিঞ্চন, জনস্বাস্থ্য কাৰিকৰী বিভাগ, ফাৰ্মাৰ প্ৰডিউচ্ৰাৰ কম্পেনী, ফাৰ্মাৰ প্ৰডিউচ্ৰাৰ অৰ্গেনাইজেশ্যন, বেংক, নাবাৰ্ড, প্ৰগতিশীল কৃষকে অংশ গ্ৰহণ কৰি মত প্ৰকাশ কৰে।