/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/c7915848-03dc-469f-9ede-3f8e3f4d04d3/chirang_zilla.jpg)
chirang day celebration
ডিজিটেল সংবাদ, চিৰাংঃ অসম চৰকাৰৰ কেবিনেট সিদ্ধান্ত মৰ্মে চিৰাং জিলা প্ৰশাসনৰ উদ্যোগত অহা ৩০ অক্টোবৰত বিভিন্ন কাৰ্যসূচীৰে চিৰাং জিলা দিৱস উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । এই সন্দৰ্ভত মঙলবাৰে চিৰাঙৰ উপায়ুক্ত পি বিজয়া ভাস্কৰ ৰেড্ডীৰ অধ্যক্ষতাত উপায়ুক্তৰ কাৰ্যালয়ৰ কনফাৰেন্স হলত এখন বৈঠক অনুষ্ঠিত হয়।
সভাত উপায়ুক্ত ৰেড্ডীয়ে কয় যে জিলাখনৰ পৰম্পৰাগত আৰু ঐতিহাসিক তাৎপৰ্যক আলোকপাত কৰাৰ উদ্দেশ্যে কাজলগাঁৱৰ জিলা পেৰেড খেলপথাৰত জিলা দিৱসৰ আয়োজন কৰা হ’ব।
সকলো বিভাগৰ মুৰব্বীক এই কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ লগতে তেওঁলোকক দিয়া দায়িত্ব সমূহ সঠিক ভাৱে পালন কৰিবলৈ নিৰ্দেশ জাৰি কৰে উপায়ুক্ত গৰাকীয়ে । উক্ত জিলা দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰী সকলে যাতে জিলাখনৰ ইতিহাসৰ বিষয়ে লিখিব পাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈও জিলাখনৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকক নিৰ্দেশ দিয়ে।
লগতে বিভাগ সমূহক জিলা দিৱস উদযাপনত তেওঁলোকৰ বিভিন্ন উন্নয়নমূলক কাম-কাজ আৰু জনকল্যাণমূলক আঁচনিসমূহ প্ৰদৰ্শনৰ বাবে প্ৰস্তুতি চলাবলৈ কয়।
সভাত চিৰাং জিলাৰ আৰক্ষী অধীক্ষক প্ৰানজিত বৰা, অতিৰিক্ত উপায়ুক্তসকল, চক্ৰ বিষয়াসকল, নিৰ্বাচনী বিষয়া, সহকাৰী আয়ুক্তসকল আৰু জিলাখনৰ সকলো বিভাগৰ মুৰব্বীসকলে উপস্থিত থাকে।
উল্লেখযোগ্য যে ২০০৩ চনত কাজলগাঁৱক জিলা সদৰ হিচাপে লৈ কোকৰাঝাৰ, বঙাইগাঁও আৰু বৰপেটা জিলাৰ পৰা কিছু এলেকা সামৰি চিৰাং জিলা গঠন কৰা হৈছিল।