/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/msp.jpg)
ডিজিটেল ডেস্ক : সমগ্ৰ দেশৰ খেতিয়ক সকলৰ সুফলৰ বাবে তথা ঋতু অনুসৰি খেতিত শস্যৰ বৈচিত্ৰতা আৰু ফচলৰ নূন্যতম সমৰ্থন মূল্যৰ আলোচনাৰ বাবে আগষ্ট মাহৰ ২২ তাৰিখে কেন্দ্ৰীয় চৰকাৰে ফচল ৰপ্তানিৰ ব্যৱসায়ীসকল আৰু কৃষকসকলৰ সৈতে বৈথক অনুষ্ঠিত কৰিছে ।
অৱশ্যে এই বৈঠকত ২০২০-২১ চনৰ কৃষক আন্দোলনত যোগ দিয়া সংযুক্ত কিষান মৰ্চাই অংশ নলয়। আনহাতে, সংশোধিত কৃষক আইনক সমৰ্থন কৰা আন ৫টা কৃষক সংগঠনৰ প্ৰতিনিধিয়ে ইতিমধ্যেই এই বৈঠকত অংশগ্ৰহণ কৰাটো সুনিশ্চিত কৰিছে ।
উল্লেখ্য যে, প্ৰাক্তন কৃষি সচিব সঞ্জয় আগৰৱালৰ নেতৃত্বত বৈঠকৰ বাবে গঠন কৰা কমিটীখনৰ বাবে অৱশ্যে নিৰ্ধাৰণ কৰা হোৱা নাই কোনো সময়সীমা । অৱশ্যে, দেশৰ কৃষি বিভাগে কমিটীখনক নূন্যতম সমৰ্থন মূল্যৰ বাবে আইনী আশ্বাসৰ বাবে জনোৱা দাবী সন্দৰ্ভত কোনো মন্তব্য নকৰিবলৈ আহ্বান জনাইছে।