প্ৰতিদিন গোষ্ঠীৰ ৫ গৰাকীসাংবাদিকলৈ মিডিয়া ফেল’শ্বিপৰ সন্মান...

প্ৰতিদিন গোষ্ঠীৰ ৫ গৰাকীসাংবাদিকলৈ মিডিয়া ফেল’শ্বিপৰ সন্মান...

ডিজিটেল সংবাদ কৃষ্ণাইঃ ইউনিছেফ,অসম আৰু কটন বিশ্ববিদ্যালয়ৰ উদ্যোগত আৰু অসম বিধান সভাৰ সহযোগত সোমবাৰে অসম বিধানসভাৰ প্ৰেক্ষাগৃহত শিশুৰ অধিকাৰ আৰু সুৰক্ষা সন্দৰ্ভত এখন বিশেষ সভা অনুষ্ঠিত হয়। এই সভাত ইউনিছেফ, অসম আৰু কটন বিশ্ববিদ্যালয়ে অসমৰ ৯ গৰাকী সাংবাদিকলৈ মিডিয়া ফেল’শ্বিপ সন্মান জনায়।

৯ গৰাকী সাংবাদিকৰ ভিতৰত পাঁচ গৰাকী সাংবাদিকেই হ’ল প্ৰতিদিন গোষ্ঠীৰ। এই সন্মান লাভ কৰা প্ৰতিদিন টাইমৰ চাৰিগৰাকী সাংবাদিক ক্ৰমে প্ৰতিদিন টাইমৰ বাৰ্তা সম্পাদক পংকজ শইকীয়া, সাংবাদিক বিমল ভূষণ মহন্ত, ভাস্কৰ জ্যোতি ডেকা আৰু মনোজ আলী।

অসমীয়া প্ৰতিদিন কাকতৰ সাংবাদিক চৈয়দ ৰবিউল হকেও এই সন্মান লাভ কৰিছে। সভাত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী. অসম বিধান সভাৰ অধ্যক্ষ সচিব হেমেন দাস, ইউনিছেফৰ অসম তথা উত্তৰপূৰ্বাঞ্চলৰ মুখ্য ক্ষেত্ৰ বিষয়া ড০ মধুলিকা জোনাথন, অসম ৰাজ্যিক শিশু অধিকাৰ আৰু সুৰক্ষাৰ অধ্যক্ষ ড০ সুনিতা চাংকাকতি, কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰমেশ চন্দ্ৰ ডেকাকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে ভাষণ দিয়ে।

উল্লেখ্য যে শ্ৰেষ্ঠ ফেলশ্বিপৰ সন্মান লাভ কৰে প্ৰতিদিন টাইমৰ বাৰ্তা সম্পাদক পংকজ শইকীয়াই।

ক্লিক কৰি পঢ়কঃ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in