Advertisment

বৈঠাপুতা সত্ৰৰ ৰক্ষাৰ বাবে গ্ৰহণ কৰা ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধৰ ব্যৱস্থা প্রহসনত পৰিণত…

আঁচনিখন ২০২৪ চনৰ জুলাই মাহলৈকে বাস্তৱিক ৰূপত কাৰ্য্যকৰী নোহোৱাৰ ফলত ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰি সত্ৰখনৰ অস্তিত্বক এক অনিশ্চয়তাৰ মাজলৈ কঢ়িয়াই লৈ গ'ল।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,বৰপেটাঃ মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ পদধূলাৰে ৰঞ্জিত ঐতিহাসিক বৈঠাপুতা সত্ৰ পুনৰ ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ পথত। জলসম্পদ বিভাগৰ একাংশ বিষয়া আৰু ঠিকাদাৰৰ মইমতালি আৰু অনীহাৰ বাবে ব্ৰহ্মপুত্ৰ নদীৰ তীব্ৰ খহনীয়াই সত্ৰখনৰ লগতে ইতিমধ্যে সংখ্যালঘুত পৰিণত হোৱা খিলঞ্জীয়া ৩০টা পৰিয়ালৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ প্ৰতি চৰম ভাবুকিৰ সৃষ্টি হৈছে। 

Advertisment

এই সন্দৰ্ভত অসম সত্ৰ মহাসভাৰ উত্তৰ-পশ্চিম মণ্ডলৰ সাংস্কৃতিক সম্পাদক যুগান্ত বায়ন আৰু সত্ৰ মহাসভাৰ বৰপেটা জিলা সমিতিৰ সভাপতি গোবিন্দ তালুকদাৰে কয় যে, অসম চৰকাৰে ২০২১-২২ চনৰ বিত্তীয় বৰ্ষতে এছ.ডি.আৰ.এফ শিতানত অনুমোদন দিয়া ২ কোটি ৩৯ লাখ ১০ হেজাৰ ৫০০ টকাৰ এই অভিলাসী আঁচনিখন ৰূপায়ন কৰিবলৈ ২০২৩ চনৰ ১৫ জুলাইত বৰপেটা জিলাৰ তদানীন্তন উপায়ুক্ত আয়ুস গাৰ্গৰ উপস্থিতিত বিধায়ক শ্বেৰমান আলীয়ে আৰম্ব কৰিছিল আঁচনিখন ।

আঁচনিখন ২০২৪ চনৰ জুলাই মাহলৈকে বাস্তৱিক ৰূপত কাৰ্য্যকৰী নোহোৱাৰ ফলত ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰি সত্ৰখনৰ অস্তিত্বক এক অনিশ্চয়তাৰ মাজলৈ কঢ়িয়াই লৈ গ'ল। বৈঠাপুতা সত্ৰ সমিতি, সংবাদ মাধ্যম আৰু সত্ৰ মহাসভাৰ অহৰহ হেঁচাৰ ফলত ২০২৪ চনৰ আগষ্ট মাহত নদীখনে সৃষ্টি কৰা খহনীয়া ৰোধ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰা হয়। কিন্তু অতি পৰিতাপৰ কথা যে, আঁচনিখনৰ ৰূপায়ণৰ দায়িত্বত থকা জল সম্পদ বিভাগ আৰু ঠিকাদাৰৰ বেপেৰুৱা মনোভাৱৰ বাবে খহনীয়া ৰোধ কৰিবলৈ ব্যৱহাৰ কৰা জিওটিউব আৰু পাৰ্কুপাইনসমূহ যেনেধৰণে বিজ্ঞানসন্মতভাৱে বহুৱাব লাগিছিল তেনেধৰণে নবহুৱাৰ ফলত সম্প্ৰতি সত্ৰ সংযোগী একমাত্ৰ পথটোৰ মাজত ব্ৰহ্মপুত্ৰৰ খহনীয়াই এক বৃহৎ ফাটৰ সৃষ্টি কৰিছে। 

সত্ৰখনলৈ যোৱা পথটোৰ পকী দলংখনৰ সমীপতে সৃষ্টি হোৱা এই ফাটটো তৎকালীনভাৱে মেৰামতি নকৰিলে অহা বাৰিষাৰ সময়ত সত্ৰখন আৰু খিলঞ্জীয়া লোকসকল মূলসুঁতিৰ জনজীৱনৰ পৰা সম্পূৰ্ণভাৱে বিচ্ছিন্ন হৈ পৰিব বুলি স্থানীয় ৰাইজ সংকিত হৈ উঠিছে। বৈঠাপুতা ঘাটৰ সচেতন ৰাইজে উত্থাপন কৰা অভিযোগ অনুসৰি ঠিকাদাৰে যধে-মধে জিওটিউব আৰু পাৰ্কুপাইনসমূহ ব্যৱহাৰ কৰাৰ ফলত এই আঁচনিখন আজি ব্যৰ্থ হোৱাৰ পথত। 

আঁচনিখন কাৰ্য্যকৰী কৰাৰ ক্ষেত্ৰত দেখা দিয়া এনে আসোঁৱাহবোৰ বিধান সভাৰ মজিয়াত স্থানীয় বিধায়কগৰাকীয়ে উত্থাপন কৰাৰ পিছতো ঠিকাদাৰ আৰু জলসম্পদ বিভাগৰ একাংশ চৰম উদাসীনতাৰ বাবে আজি সত্ৰীয়া ঐতিহ্যৰ এক অমূল্য অৱদান ইতিহাস হোৱাৰ দিশে আগবাঢ়িছে বুলি মতপ্ৰকাশ কৰি অসম সত্ৰ মহাসভাৰ বৰপেটা জিলা সমিতিয়ে অসমৰ মুখ্যমন্ত্ৰীক উল্লেখিত আঁচনিখন কাৰ্য্যক্ষম কৰাৰ বাবে ফলপ্ৰসু ব্যৱস্থা গ্ৰহণ কৰি সত্ৰখনৰ লগতে নগণ্য সংখ্যক খিলঞ্জীয়া লোকৰ ভৱিষ্যৎ সুৰক্ষিত কৰিবলৈ আহ্বান জনাইছে।

বৰপেটা সত্ৰ