ধেমাজি কাছাৰী ময়দানত কেন্দ্ৰীয় মে-ডাম মে -ফী

সদৌ তাই আহোম ছাত্ৰ সন্থা ধেমাজি সদৰ আঞ্চলিক সমিতি আৰু ধেমাজি সদৰ মহিলা সমিতিৰ যৌথ উদ্যোগত তথা কেইবাটাও সংস্থাৰ সহযোগত ধেমাজি কাছাৰী ময়দানত দশম বাৰ্ষিক কেন্দ্ৰীয় মে-ডাম মে- ফী পালন কৰা হয়

author-image
Asomiya Pratidin
New Update
38

ডিজিটেল সংবাদ, ধেমাজি : সদৌ তাই আহোম ছাত্ৰ সন্থা ধেমাজি সদৰ আঞ্চলিক সমিতি আৰু ধেমাজি সদৰ মহিলা সমিতিৰ যৌথ উদ্যোগত তথা কেইবাটাও সংস্থাৰ সহযোগত ধেমাজি কাছাৰী ময়দানত দশম বাৰ্ষিক কেন্দ্ৰীয় মে-ডাম মে- ফী পালন কৰা হয়। একেদৰে পাঁচ দিনীয়াকৈ ষষ্ঠ বাৰ্ষিক ৰাষ্ট্ৰীয় যোগাসন ক্ৰীড়া  প্ৰতিযোগিতাৰ অনুষ্ঠিত কৰা হৈছে ৷

শনিবাৰে পুৱা  ৮ বজাত সামূহিক চাফাইৰে দ্বিতীয় দিনা কাৰ্য্যসূচীৰ আৰম্ভণি কৰে ৷ পুৱা ৮.৩০ বজাৰ  পৰা মে-ডাম মে-ফী কাৰ্য্যসূচীৰ আৰম্ভ কৰা পিছতেই পুৱা ৯ বজাত আয়োজক সমিতিৰ মুখ্য সম্পাদক ,সম্পাদক ক্ৰমে  মুক্তা দিহিঙীয়া , মনোজ গগৈ আৰু চেতন প্ৰবীৰ বৰগোহাঁইয়ে মৈডাম তৰ্পণ কৰে ৷

WhatsApp Image 2026-01-31 at 8.56.10 PM

পুৱা ১০ বজাত বিতুল গগৈ, চিত্ৰৰঞ্জন বৰুৱা ,ৰিবুল গগৈ ,মনোজ বুঢ়াগোঁহাই, ভৃগু বৰুৱা ,ইন্দ্ৰ চিৰিং , বিপ্লৱ দিহিঙীয়া ,বেদান্ত গগৈ ,গৌতম দুৱৰা ,বিৰেন বৰা ,কেৱশ গগৈ ,দেৱ গগৈ ,অনামিকা বৰগোহাঁই গগৈয়ে আটাছু ধেমাজি জিলা সমিতি আৰু আয়োজক আঞ্চলিক সমিতিৰ পতাকা উত্তোলন কৰে। লগতে ৰাষ্ট্ৰীয় যোগসন ক্ৰীড়া সন্হাৰ সভাপতি ড° শশীকান্ত জৈন , যোগাসন ক্ৰীড়া সন্হা, অসমৰ সভাপতি মনোজ গগৈ , ধেমাজি জিলা  যোগাসন ক্ৰীড়া সন্হাৰ সভাপতি পংকজ বৰগোহাঁইয়ে যোগাসন ক্ৰীড়া সন্হাৰ পতাকা আৰু আয়োজক সমিতিৰ সভাপতি গোলাপ গগৈ , কাৰ্য্যকৰী সভাপতি ৰঞ্জন গগৈ , বৰগোহাঁই বংশাৱলীৰ সভাপতি মুহি বৰগোহাঁই , মে-ডাম মে-ফীৰ প্ৰাক্তন সভাপতি পদ্ম বুঢ়াগোঁহাই ,ধেমাজি ব্যৱসায় সংস্হাৰ সভাপতি ঘনকৃষ্ণ বৰগোহাঁই , অসম চেম্বাৰ্চ অৱ কমাৰ্চ , ধেমাজি সভিপতি প্ৰশান্ত চাংমাই , ধেমাজি প্ৰেছ ক্লাবৰ সভাপতি অশ্বিনী কুমাৰ দুৱৰা , পশ্চিম মহাবিদ্যালয়ৰ অধ্যক্ষ ললিত দিহিঙ্গীয়া আৰু অনুসূচিত জনজাতি ধেমাজি মহকুমা উন্নয়ন পৰিষদৰ অধ্যক্ষ মহন্ত নৰহে  মে- ডাম মে-ফীৰ মূল পতাকাৰ ও ৯ খন পতাকা উত্তোলন কৰে ৷

WhatsApp Image 2026-01-31 at 8.52.59 PM

পুৱা ১১ বজাত দেৱ কুমাৰ গগৈ ,শৈশৱ বৰুৱা ,প্ৰণৱ চেতিয়া ,জেৰিণা ভৰালী বৰগোহাঁই ,চিমি দুৱৰা কোঁৱৰ ,বৰ্ণালী হাজৰিকা আৰু জুৰি চুতীয়া গগৈয়ে চ্যাওলুং চ্যুকাফা, মহাবীৰ লাচিত বৰফুকন ,মহাসতী জয়মতী , মূলাগাভৰু ,ডাম
চাও ডিম্বেশ্বৰ গগৈ ,ৰাজীৱ শদীয়া আৰু হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন 
কৰে ৷  দুপৰীয়া ১২ বজাত ধেমাজি নগৰখনত অনুষ্ঠিত হোৱা সমন্বয় সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্ধোধন কৰে ধেমাজি পৌৰ সভাৰ পৌৰপতি দ্বীপ ৰেখা দাস বাঘ্ৰীয়ে ৷

WhatsApp Image 2026-01-31 at 8.54.35 PM

বিভিন্ন জনগোষ্ঠীৰ আৰ্কষনীয় সাংস্কৃতিক শোভাযাত্ৰাত জনপ্ৰিয় অভিনেত্ৰী ৰিচা ছেত্ৰীকে ধৰি বহু কেইগৰাকী
বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷ সন্ধিয়া ৫ বজাত  অভিনেতা ,সাহসী বটাঁ প্ৰাপক তথা বিশিষ্ট ব্যৱসায়ী 
নীপ কোঁৱৰে বন্তি প্ৰজ্বলন কৰা পিছতেই ষষ্ঠ বাৰ্ষিক যোগাসন ক্ৰীড়া প্ৰতিযোগিতাৰ উদ্ধোধন কৰে ধেমাজি জিলা আয়ুক্ত
ৰাহুল সুৰেশ জাভিৰে ৷

ধেমাজি