/asomiyapratidin/media/media_files/2025/01/31/3A4XiW4jy89oiBDznpiE.jpg)
ডিজিটেল সংবাদ,চৰাইদেউঃ আজি ৰাজ্যজুৰি টাই আহোম জনগোষ্ঠীৰ লোকসকলে ধৰ্মীয় ৰীতি-নীতি, পৰম্পৰা অনুসৰি পালন কৰিব মে-ডাম-মে-ফী ৷ চাওলুং চ্যুকাফাৰ দিনৰে পৰা অসমৰ টাই আহোম জনগোষ্ঠীয় লোকসকলে ধৰ্মীয় ৰীতি-নীতি, পৰম্পৰা অনুযায়ী পূৰ্বপুৰুষক স্মৰণ কৰি দেশ আৰু দহৰ মংগল কামনা এই উৎসৱ পালন কৰি আহিছে৷
টাই-আহোমসকলৰ পূৰ্বপুৰুষক স্মৰণ কৰি উজনি অসমৰ চৰাইদেউ, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, লখিমপুৰ আদি জিলাৰ লগতে প্ৰতি বছৰৰ দৰে এইবাৰো বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামস্থলীত আয়োজন কৰা হৈছে মে-ডাম-মে-ফী। সদৌ টাই আহোম ছাত্ৰ সন্হা চমুকৈ আটাছুৰ চ্যুকাফা আঞ্চলিক সমিতিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত চৰাইদেউ মৈদাম প্ৰাংগনত আয়োজিত মে-ডাম-মে-ফীৰ কাৰ্যসূচী অনুসৰি পুৱা বন্তি প্ৰজ্বলনৰে কাৰ্যসূচী শুভাৰম্ভ কৰে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ৷
ইয়াৰ পিচত পতাকা উত্তোলন,মৈদাম তৰ্পণ আৰু বান-ফি পূজা ইত্যাদি অনুষ্ঠিত হয় ৷ আনহাতে চৰাইদেউ মৈদাম সমীপৱৰ্তী ঐতিহাসিক লাংকুৰি দ’ল,গছিকলা গৰখীয়া দ’ল ,এঙেৰা নাট্যমন্দিৰ প্ৰাংগনত আৰু ঐতিহাসিক আমলখী দেওশালতো দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে মে-ডাম-মে-ফী অনুষ্ঠিত হ’ব ৷
উল্লেখ্য যে, মে-ডাম-মে-ফীৰ অৰ্থ হৈছে- 'মে' মানে প্ৰাৰ্থনা, উপাসনা বা পূজা কৰা, 'ডাম'- মানে মৃতক আৰু 'ফী'- মানে হৈছে দেও বা দেৱতা । টাই আহোমসকলৰ এই ধৰ্মীয় সামাজিক উৎসৱৰ যোগেদি উপৰি পুৰুষ সন্তুষ্ট হৈ স্বৰ্গৰ পৰাই আৰ্শীবাদ প্ৰদান কৰে বুলি জনবিশ্বাস আছে ।