/asomiyapratidin/media/media_files/2025/01/31/DRvWGa5UfEODcnHl5lgz.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাটঃ চতিয়াৰ বীৰাংগনা মূলা গাভৰু মৈদামত আহোম জাতীয় মহাসভাই কেন্দ্রীয়ভাৱে অনুষ্ঠিত কৰিলে `মে-ডাম-মে-ফি’ ৷ এই উপলক্ষে পুৱাই পতাকা উত্তোলনৰে কাৰ্য্যসূচী শুভাৰম্ভ কৰে আহোম জাতীয় মহাসভাৰ সভাপতি সুন্দৰ জ্যোতি লাহনে ৷
পতাকা উত্তোলনৰ পিছতে পূৰ্বপুৰুষ সকলক স্মৰণ কৰি পুঁজা-অৰ্চনা আৰম্ভ কৰে আহোম জনগোষ্ঠীয় লোকসকলে ৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে বিধায়ক পদ্ম হাজৰিকা আৰু বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে ৷ ১৫৩২ চনত হোৱা ডিকৰাই মুখৰ ৰণত মোগলৰ সেনাপতি তুৰ্ব্বকৰ বিৰুদ্ধে যুঁজি দেশৰ হকে প্ৰাণ আহুতি দিছিল বীৰাংগনা মূলা গাভৰুয়ে ।
মৃত্যুৰ পিছত বীৰাংগনা মুলা গাভৰুক চতিয়াৰ চলাহোলাত সমাধিস্থ কৰা হৈছিল বুলি অঞ্চলটোৰ ৰাইজে বিশ্বাস কৰে । মুলাগাভৰুৰ মৈদাম ক্ষেত্রতেই আজি আহোম জাতীয় মহাসভাই কেন্দ্রীয় ভাৱে অনুষ্ঠিত কৰিছে আহোম সকলৰ পবিত্ৰ মে-ডাম-মে-ফি। ইতিমধ্যে অসম চৰকাৰেও এই মৈদাম সংৰক্ষণৰ বাবে ৪০ লাখ টকা ঘোষণা কৰিছে বুলি বিধায়ক প্ৰমোদ বৰঠাকুৰে জানিবলৈ দিছে ৷